
অলিম্পিকত ভাৰতলৈ প্ৰথমটো সোণৰ পদক আজুৰি আনিলে নীৰজ চোপ্ৰাই
আজিৰ খবৰ, টকিঅ’, ৭ আগষ্ট : টকিঅ’ অলিম্পিকৰ গোল্ডেন বয় হিচাপে পৰিগণিত হ’ল নীৰজ চোপ্ৰা। প্ৰথমটো সোণৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে নীৰজ চোপ্ৰাই। ৮৭.৫৮ মিটাৰ যাঠি দলিয়াই সোণৰ পদক জয় কৰা দ্বিতীয়গৰাকী ভাৰতীয় হ’ল নীৰজ চোপ্ৰা। জেভেলিন থ্ৰোত সোণৰ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় এথলীটৰ অভিলেখ ৰচিলে নীৰজ চোপ্ৰাই। উল্লেখ্য যে ২০০৮ চনত ছুটাৰ অভিনৱ বিন্দ্ৰাই বেইজিং অলিম্পিকত ভাৰতৰ হৈ ব্যক্তিগত ভাৱে প্ৰথমটো সোণৰ পদক জয় কৰিছিল। ভাৰতে এটা সোণ, দুটা ৰূপ আৰু ৪টা ব্ৰঞ্জৰে মুঠ ৭ টা পদক জয় কৰিলে টকিঅ’ অলিম্পিকত । অলিম্পিকৰ ইতিহাসত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰে বাবে প্ৰতিজন খেলুৱৈৰ বাবে সমগ্ৰ দেশবাসী এতিয়া গৌৰাম্বিত ।
History has been scripted at Tokyo! What @Neeraj_chopra1 has achieved today will be remembered forever. The young Neeraj has done exceptionally well. He played with remarkable passion and showed unparalleled grit. Congratulations to him for winning the Gold. #Tokyo2020 https://t.co/2NcGgJvfMS
— Narendra Modi (@narendramodi) August 7, 2021
