Your Voice, Our Strength

দুখন দেশৰ দুটা ৰাষ্ট্ৰীয় সংগীতৰ স্ৰষ্টা কবিগুৰুলৈ শ্ৰদ্ধাঞ্জলি

আজিৰ খবৰ,৭ আগষ্ট : সাহিত্যৰ ক্ষেত্ৰখনত সদায় নক্ষত্ৰ হিচাপে জিলিকি থকা কবি গুৰুৰ আজি ৮০ সংখ্যক মৃত্যু বাৰ্ষিকী ৷ বিশ্বকবি হিচাপে সৰ্বজনবিদিত মহান সংগীতজ্ঞ, চিত্ৰশিল্পী, লেখক, কবি আৰু চিন্তাবিদ ৰবীন্দ্ৰনাথ ঠাকুৰৰ অনবদ্য অৱদানৰ বাবেই আজিও সকলোৰে মনত চিৰ নমস্য হৈ আছে মহান বিশ্ব কবি ৰবীন্দ্ৰনাথ ঠাকুৰ । গীত, কবিতা, উপন্যাস, কাহিনী, নাটক, পৰিচালনা, ভাস্কৰ্য সকলো ধাৰাতে তেওঁৰ ৰচনাসমূহ বিশ্ববিখ্যাত ৷ অসাধাৰণ প্ৰতিভাৰে সমৃদ্ধ গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল সাহিত্যৰ নোবেল বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয়, প্ৰথম গৰাকী এছিয়ান আৰু প্ৰথম গৰাকী নন ইউৰিপিয়ান৷ ১৮৬১ চনৰ ৭ মে’ তাৰিখে কলকাতাত জন্মগ্ৰহণ কৰা ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল এজন বহুমুখী প্ৰতিভাসম্পন্ন লোক ৷ অন্যতম সৃষ্টি গীতাঞ্জলিৰ বাবে ১৯১৩ চনত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল ৷ তেওঁৰ পিতৃ আছিল দেৱেন্দ্ৰনাথ ঠাকুৰ আৰু মাতৃৰ নাম আছিল শাৰদা দেৱী ৷

ছেইণ্ট জেভিয়াৰ স্কুলত স্কুলীয়া শিক্ষা লাভ কৰাৰ পাচত বেৰিষ্টাৰৰ সপোন পূৰণ কৰাৰ বাবে তেওঁ ইংলেণ্ডলৈ বুলি ৰাওনা হয় ৷ লণ্ডন বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰে যদিও ১৮৮০ চনত ডিগ্ৰী অবিহনে তেওঁ ভাৰতলৈ উভতি আহে ৷ মানৱতাক সদায়েই অগ্ৰাধিকাৰ দি অহা ঠাকুৰে ১৯৪১ চনৰ ৭ আগষ্টত কলকাতাত শেষ নিশ্বাস ত্যাগ কৰে ৷ৰবীন্দ্ৰনাথ ঠাকুৰেই হৈছে একমাত্ৰ কবি, যাৰ দুটা সৃষ্টি দুখন দেশৰ ৰাষ্ট্ৰীয় সংগীত ৷ ভাৰতৰ জাতীয় সংগীত জন গণ মন আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত আমাৰ সোণাৰ বাংলা দুয়োটা গীতেই গুৰুদেৱৰ অমৰ সৃষ্টিৰ অন্যতম ৷প্ৰায় ২,২৩০ টা গীত ৰচনাৰে সংগীতৰ ক্ষেত্ৰখনো সমৃদ্ধ কৰি থৈ যোৱা ঠাকুৰ বঙালী সংস্কৃতিৰ এক অভিন্ন অংগ ৷

P&C

১৯০১ চনত তেওঁ শান্তি নিকেতনলৈ আহে ৷ শান্তি নিকেতন প্ৰতিষ্ঠা কৰা ঠাকুৰে বিশ্ব ভাৰতী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল ৷ কবিগুৰু গৰাকীয়েই গান্ধীজীক মহাত্মা উপাধি দিছিল ৷ আজি ৮০ সংখ্যক মৃত্যু বাৰ্ষিকীত বিশ্ব কবি গুৰুলৈ জনালোঁ শ্ৰদ্ধাঞ্জলি ।

You might also like