Your Voice, Our Strength

ক’ভিডত আক্ৰান্ত মন্ত্ৰী অতুল বৰা: জি এম চি এইচত ভৰ্তি

আজিৰ খবৰ, ৮ আগষ্ট : ৰাজ্যত কোভিড পৰিস্থিতি কিছু কিছু জিলাত হ্ৰাস পাইছে যদিও মহানগৰত কোভিড সংক্ৰমণৰ‌ হাৰ আশাব্যঞ্জকভাৱে নিম্নগামী হোৱা নাই ।এইবাৰ ক’ভিডত আক্ৰান্ত হৈছে কৃষি মন্ত্ৰী অতুল বৰা । চিকিৎসকৰ পৰামৰ্শ মতে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড হাস্পতালত ভৰ্তি কৰোৱা হয় । উল্লেখ্য যে শনিবাৰে মন্ত্ৰী গৰাকীৰ ক’ভিড পৰীক্ষা কৰা হৈছিল ৷দেওবাৰে ফলাফল প’জিটিভ বুলি জনাৰ পাছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ভৰ্তি হয় মন্ত্ৰী গৰাকী আনহাতে, মন্ত্ৰী গৰাকীৰ সৈতে নিৰন্তৰ ব্যস্ত হৈ থকা নিৰাপত্তা বাহিনীৰ লোক সকলৰো শনিবাৰে ক’ভিড পৰীক্ষা কৰা হৈছিল যদিও সকলোৰে ফলাফল নিগেটিভ আহে ।দেওবাৰৰ বিয়লি পৰ্যন্ত মন্ত্ৰী অতুল বৰাৰ স্বাস্থ্য সম্পূৰ্ণ সুস্থিৰ আৰু শৰীৰত অক্সিজেনৰ মাত্ৰাও ঠিকে আছে বুলি জানিব পৰা গৈছে ।

You might also like