Your Voice, Our Strength

ৰিপুণ বৰাৰ দিনটো ভাল আছিল আৰু ভূপেন বৰা সভাপতি হোৱাৰ পাছতো এশ শতাংশই ভাল সম্পৰ্ক থাকিব কংগ্ৰেছৰ – বদৰুদ্দিন

আজিৰ খবৰ, গুৱাহাটী, ৮ আগষ্ট : কংগ্রেছ আৰু এ আই ইউ ডি এফৰ সম্পর্ক আজিও এশ শতাংশ ঠিকেই আছে৷ৰিপুণ বৰা সভাপতি হিচাপে থাকোঁতেও কংগ্রেছ ভাল আছিল আৰু ভূপেন বৰা সভাপতি হোৱাৰ পাছতো ভাল হ’ব৷ আগন্তুক উপ–নির্বাচনত এ আই ইউ ডি এফৰ ভূমিকা কি হ’ব, সেয়া ১৩ আগষ্টৰ দলীয় সভাই সিদ্ধান্ত লব যদিও বৰ্তমান কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ সম্পর্ক আজিও এশ শতাংশ ঠিকেই আছে বুলি মন্তব্য কৰে আই ইউ ডি এফপ্রধান বদৰুদ্দিন আজমলে । গোৱালপাৰাত কেইবাটাও চৰকাৰী কার্যসূচীত অংশ লোৱাৰ উদ্দেশ্যে উপস্থিত হৈ সাংসদগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে উপ–নির্বাচনক লৈ এ আই ইউ ডি এফে এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই৷১৩ আগষ্টত দলীয় গুৰুত্বপূর্ণ সভা আছে আৰু তাত সকলো সিদ্ধান্ত লোৱা হ’ব বুলি সদৰি কৰে আজমলে । ইফালে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰ বিজেপিলৈ গমন কৰা সন্দর্ভত আজমলে কয় যে ফণী তালুকদাৰ বিজেপিলৈ নাযায়৷ এই বিষয়টোক লৈ ব্লেকমেইলিং চলি আছে৷ যদি তেওঁ যায়, তেন্তে আমি নিলম্বন নকৰোঁ, তেওঁ নিজেই এ আই ইউ ডি এফ পদত্যাগ কৰি যাব লাগিব৷ আৰু যদি যায়, তেন্তে আমাৰ ক’বলগীয়া নাই৷ ভৱানীপুৰ আমাৰ সমষ্টি, আমি তিনিবাৰ জিকিছো সমষ্টিটোত৷

অন্যহাতে বিধায়ক অখিল গগৈ সন্দর্ভত সোধা এক প্রশ্নত আজমলে কয় যে অখিল গগৈ নতুন ৰাজনীতিক৷ এজন আন্দোলন কৰা মানুহ৷ নতুনকৈ ৰাজনীতিলৈ আহিছে, নতুনকৈ বিধায়ক হৈছে, গতিকে যি মন যায় তাকেই ক’ব৷ ৰাজনীতিত আমাৰ ১৫ বছৰ হৈছে৷ অখিল গগৈৰ লগত এ আই ইউ ডি এফৰ কোনোদিনে পুৰণা বন্ধুত্ব নাছিল৷ উল্লেখ্য যে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে গোৱালপাৰা জিলাত উপস্থিত হৈ জিলাখনৰ পূব বিধানসভা সমষ্টিত প্রধানমন্ত্রীৰ গ্রাম চড়ক যোজনাৰ ৫টা গুৰুত্বপূর্ণ পথ নির্মাণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কেন্দ্রীয় চৰকাৰৰ আঁচনি অনুমোদনৰ বাবে সংকল্প পত্র প্রস্তুত কৰি কেন্দ্রীয় জলসম্পদ মন্ত্রীক প্রদান কৰিবলৈ বিভাগীয় কর্তৃপক্ষক নির্দেশ দিয়ে৷

P&C

You might also like