ধাৰাবাহিক পত্ৰোপন্যাসঃ ৫ “ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত০০০০”
ধাৰাবাহিক পত্ৰোপন্যাসঃ ৫
“ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত০০০০”
————- অৰুণাভ
———– পঞ্চম খণ্ড_________
নীলা,
বৰষুণৰ টোপালবোৰে এন্ধাৰবোৰ তিয়াই পেলাইছে ৷ খোলা খিৰিকীৰে নিজান নিশাৰ গীতৰ কলি এটা হৈ মোৰ জোনাক জিজ্ঞাসাই আতুৰ কৰি তোলা বুকুখনৰ ক’ৰবাত জিৰাইছে৷ অপেক্ষাৰ অন্ধকাৰত হৃদয় শলিতা জ্বলাই নিজান ঘাটত ৰৈ আছো ৷ তোমাক দেখিছো ০০০ তুমি জোনাকত স্নান কৰিছা ০০ নৈৰ ৰূপোৱালী মাছবোৰে তোমাক বেৰি বেৰি চাইছে ০০ সোণোৱালী ফিছাৰে দুগালত ৰং সানিছে ০০ আজি তোমাৰ ওপজা দিন ?? বিশাল আকাশৰ বুকুত বিচাৰিছো তোমাৰেই তোমাৰেই ছবি ০০ তোমাৰেই মেঘৰঙী চুলিত বৰষুণৰ গুণ গুণ শব্দই আকাশৰ নীলালৈ নিমন্ত্ৰণ দিছে ০০ আৰু তোমাৰ নাম থৈছো নীলা ০০ যদিওবা জোনাকত স্নানেৰে তুমি জ্যোস্না !!
আজিআজি তোমাৰ ওপজা দিন ৷ তোমাৰ প্ৰতিটো দিনেই মোৰ আকুলতাবোৰৰ ওপজা দিন ৷ আকুলতাবোৰ তোমাৰ নীল আকাশত টোকোৰা চৰাইৰ বাঁহৰ দৰেই মই ওলোমাই ৰাখিছো নিৰন্তৰ ০০ বৰষুণত তিতিছে ০০ জোনাকত স্নান কৰিছে ০০৷
ঐ০০০
সাৰে আছা ? ওপজা দিনৰ উদযাপন কৰিবলৈ খুলি লৈছো পুৰণি কাঠৰ আলমীৰাটো ৷
০০০ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত যে নাডিয়াৰ প্ৰেমত হাবু ডুবু খাইছিলো ! সেই যে বিশ্বখ্যাত ৰোমানিয়ান জিমনাষ্ট নাডিয়া ! ৰিডমিক জিমনাষ্টিকচৰ অপূৰ্ব নান্দনিক ভংগীমাৰে তাই মোৰ কাঠৰ আলমীৰাটোৰ গ্লাচখনতেই লিপিট খাই আছে ! ঠিক তোমাৰ ভালপোৱাবোৰৰ দৰেই ! “ কম্পিটিশ্যন চাকচেজ ৰিভিউ ”ৰ মেৰিট কনটেষ্টৰ চাৰ্টিফিকেটখনৰ সোঁ মাজত চিলভাৰ ফিছ কেইটাৰ ক্ষুধাৰ ৰাজত্বৰ চিন বহিছে ৷ একেবাৰে ওপৰ খাপত কাৰ্ল মাৰ্ক্সৰ “ ডাছ কেপিটেল ” ৰ তিনিওটা খণ্ড একেদৰেই পৰি আছে কুৰিটাকৈ বছৰ ৷ সমাধান হ”বলৈ এৰি দিয়া জীৱনৰ জটিল এলজেব্ৰাবোৰৰ দৰেই ৷ ডিগ্ৰী লাষ্ট ইয়াৰৰ পৰীক্ষাৰ পিছতে মাজৰ খাপটোত এৰি গৈছিলো “ কিং লীয়েৰ ”, “ হেমলেট ” আৰু “ মেকবেথ ” ক ৷ আৰু সেই “ব্লেক লেডী” ৰ ৰহস্য ? তলৰ খাপত ঘূণগুৰিবোৰে উমলিছে
“ অনুৰাধাৰ দেশ”ত ৷ মনত পৰেনে অৰুণাভক ? সেই যে অৰুণাভ ০০০ ! উফ, গোটেই নিশাটো অৰুণাভৰ স’তে কটাই ধল পুৱাই সূৰ্য্যোদয়ৰ স’তে কথা হ’বলৈ যে পাইছিলোগৈ ব্ৰহ্মপুত্ৰৰ পাৰ ! সূৰ্য্যোদয়ৰ সেই ছবিৰে মোৰ সাংবাদিক জীৱনৰ আদিপাঠ আওৰোৱা কাকতখনৰ আপোন হৈ পৰাৰ পিছত আৰম্ভ হৈছিল এক নতুন যাত্ৰা ৷ সেই সূৰ্য্যোদয়ৰ ফেহুজালিতেই জন্ম হৈছিল আন এক অৰুণাভৰ ! সূৰ্য্যাস্তৰ অপ্ৰাপ্তিৰ পয়োভৰেৰে পৰিপূৰ্ণ অৰুণাভ !
“ All other things to their destruction draw, Only our love hath no decay ০০০০. ” প্ৰিয় কবি জন ডানৰ অভয়বাণীৰে প্ৰাপ্তিৰ প্ৰাচুৰ্য্যৰ সীমনা পোৱাৰ পথত যেন সাৰে ৰাখিছে ? প্ৰাপ্তিৰ সুতীব্ৰ বাসনাই দুচকুৰ পৰা নিলগাই ৰখা টোপনিয়ে পুঁৱতি নিশা নিমন্ত্ৰণ দিয়াৰ সময়তে খিৰিকীৰে সোমাই আহি ৰ’দ কাঁচলিয়ে চুমা আঁকে দুগালত ৷ সাৰ পাওঁ সেইয়া তোমাৰ আবেগত অথবা খঙত কঁপা ওঠৰ আমন্ত্ৰণ বুলি ! প্ৰেমৰ সৌধ গঢ়াৰ সপোন সমাধিস্থ হয় ৷ সূৰ্য্যোদয়ৰ সূৰ্য্যশিখাই সুখৰ সপোনক বাট দেখুৱাই মাথো ডাৱৰৰ দেশলৈ ! ডাৱৰ ! মানে মেঘবোৰ হেৰাই এচপৰা দুচপৰাকৈ ০০০ বুকুত ক্ষোভবোৰ গোট মাৰে০০ বেদনাত ক্ষত বিক্ষত হওঁ ০০ চিৎকাৰ কৰো সংগোপনে —– “ ০০০ frailty thy name is women ০০০ ” জোনটো গলি গলি শেষ হৈ যায় ৷ এন্ধাৰৰ এক ধ্বংসস্তুপত পৰিনত হয় নিশাবোৰ৷ তোমাৰ হাঁহিটো, উশাহ- নিশাহবোৰ, ভিজা চুলিৰ গোন্ধটো, আঙুলিৰ স্পৰ্শ ০০০ ইবোৰৰ বাবে সযতনে সজা নিৰ্জন- নিস্তব্ধ – নৈশব্দ হাউলীটো জৰাজীৰ্ণ হৈ পৰে৷
অৰুণাভে জিৰাইছে সূৰ্য্যোদয়ৰ প্ৰতীক্ষাত ৷ সূৰ্যাস্তৰ সুনিপুণ চিকাৰীৰ দৰেই নৈখনৰ কাষতেই ৷ কেতিয়াবা থিয় গৰাত আউজি, কেতিয়াবা ৰূপোৱালি বলুকাৰ বন্দৰত বাগৰি, কেতিয়াবা আকৌ ঝাওবনৰ সেউজীয়াবোৰকে সাৱটি ! হাতত তাৰ সেইটো পোষ্টমৰ্টেম ৰিপৰ্ট ! জীৱন – যৌৱনৰ দীঘ- বাণী, সপোন – বিষাদৰ হিচাপ নিকাচৰ ৷ “ অনুৰাধাৰ দেশ” ৰ কাষত “ ডাৱৰ আৰু নাই” ৷
অ’ সৌটো অৰুণাভ ! “ উপলা নদীৰ দৰে” কোনোবা এখন নেদেখা নদীৰ বুকুত সি সাৰে আছে একুৰি দুটাকৈ বছৰ ! ৰামধেনু এখন অৰুণাভে চোলাৰ জেপতেই সাঁচিছে! সাৰ পালেই তোমাৰ দুহাতত গুজি দিব ৷
ৰংবোৰো সাৰে আছে অৰুণাভৰ স’তে ! তুমি জোনাকত স্নান কৰি ৰূপোৱালি মাছবোৰৰ স’তে যেতিয়া উঠিবা ৰঙানদীৰ পাৰলৈ, অৰুণাভ সাৰে ৰ’ব সেই সূৰ্য্যোদয়লৈ ! তোমাৰ দুহাতত ৰামধেনুৰ ৰংবোৰ তুলি খোজ দিব সূৰ্য্যাস্তৰ বাটচ’ৰালৈ০০০ !!