Your Voice, Our Strength

সোমবাৰে কৃষকৰ একাউণ্টত সোমাব কিষাণ সন্মান নিধিৰ পৰৱৰ্তী কিস্তিৰ ধন

আজিৰ খবৰ,নতুন দিল্লী , ৮ আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে মুকলি কৰি দিব কিষাণ সন্মান নিধিৰ পৰৱৰ্তী কিস্তি । ৯ আগষ্টৰে দিনৰ ১২.৩০ মিনিটত ভিডিঅ’ কনফাৰেঞ্চযোগে কিস্তিৰ ধনৰাশি মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে ৷দেশৰ প্ৰায় ৯.৭৫ কোটি হিতাধিকাৰী কৃষকৰ একাউন্ট লৈ মুঠ ১৯.৫০০কোটি টকা ট্ৰান্সফাৰ কৰা হ’ব বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এক বিবৃতিত প্ৰকাশ কৰা হৈছে ।ইয়াৰ পূৰ্বে ১৪ মে’ত প্ৰধানমন্ত্ৰী মোডীয়ে ভিডিঅ’ কনফাৰেঞ্চযোগে এই আঁচনিৰ অষ্টম সংখ্যক কিস্তি কৃষকসকলক প্ৰদান কৰিছিল ৷চাৰিমাহৰৰ অন্তৰে অন্তৰে ২০০০ টকাকৈ এই আঁচনিৰ ধনৰ কিস্তি কৃষকসকলৰ একাউন্টলৈ পঠোৱা হয় ৷ এই আঁচনিৰ ধন প্ৰত্যক্ষভাৱে হিতাধিকাৰীসকলৰ একাউন্টলৈ প্ৰেৰণ কৰা হয় ৷ বৰ্তমানলৈকে এই আঁচনিৰ অধীনত প্ৰায় ১.৩৪ লাখ কোটি টকা কৃষকসকলক প্ৰদান কৰা হৈছে ৷ সোমবাৰৰ এই অনুষ্ঠানত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ উপস্থিত থাকিব ৷ সোমবাৰে অনুষ্ঠানৰ মাজতে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰাৰ লগতে হিতাধিকাৰী কৃষকসকলৰ সৈতে মত বিনিময় কৰিব বুলি জানিব পৰা গৈছে ।

You might also like