Your Voice, Our Strength

তেজপাতৰ গুণ আৰু উপকাৰিতা জানিলে আপুনি আচৰিত হব। দেহৰ বাবে ই যঠেষ্ট উপকাৰী।

আমাৰ বহুতো ৰান্ধণীয়ে বহুত ব্যঞ্জনত বিশেষকৈ হাঁহ কুকুৰা পাৰ ছাগলী আদিৰ মাংস ৰান্ধোঁতে তেজপাত দিয়ে । বহুতে আনকি তেজপাতনো কিয় দিয়ে নজনাকৈয়ে দিয়ে । বহুত ৰান্ধণীক মাংস ৰান্ধিলে তেজপাতনো কিয় দিয়ে সুধিলে কয়, “ধুনীয়া গোন্ধাবৰ কাৰণে” বুলি । পানী এগিলাচত তেজপাত দি গৰম কৰিলেই গম পোৱা যাব যে তেজপাতে বিশেষ সুগন্ধি নিদিয়ে । গতিকে মঙহ ৰান্ধিলে তেজপাতনো কিয় দিয়া হয় !! আমাৰ বহুতে কব নোৱাৰাকৈ তেজপাত দিলেও বহুত উপকাৰ যে হয় সেই কথা এতিয়া চিকিৎসা সম্পৰ্কীয় পৰীক্ষা কৰি গম পোৱা গৈছে । মাংসৰ আঞ্জাত তেজপাত দিয়াৰ ফলত তাত থকা Triglycerides, monosasurated চৰ্ব্বীলৈ পৰিৱৰ্ত্তন হয় ।

উদাহৰণ স্বৰূপে কুকুৰাৰ মঙহ এখিনি দুভাগ কৰি এভাগ তেজপাত দি আৰু আন ভাগ তেজপাত নিদিয়াকৈ ৰান্ধিবলৈ কোৱা হ’ল । ৰন্ধাৰ পাছত দুয়োখিনি আঞ্জাত থকা চৰ্ব্বী পৰীক্ষা কৰি এই কথা গম পোৱা গৈছে ।

P&C

যদি তেজপাত ঘৰত থাকে, এখন ফাৰ্মেচি আছে বুলি ধৰি লব পাৰি । সম্প্ৰতি কৰা পৰীক্ষাত পোৱা গৈছে যে তেজপাত ব্যৱহাৰৰ বহু উপকাৰ আছে । সেইখিনি কথা জানিলে বহুতো বেমাৰ আৰু স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি ।

তেজপাতৰ কিছুমান উপকাৰিতা তলত দিয়া হ’ল ।

১। হজম সম্পৰ্কীয় উপসৰ্গ নোহোৱা কৰে ।

২। উখহা বা টোপোৰা পৰা নোহোৱা কৰে ।

৩। বুকুৰ জলা পোৰা নাইকীয়া কৰে ।

৪। এচিডিতি বা অম্লতা নোহোৱা কৰে ।

৫। শৌচ খোলোচা কৰে । কৌষ্ঠ্য কাঠিণ্য নাইকীয়া কৰে ।

৬। গৰম তেজপাতে অন্ত্ৰ প্ৰণালী ( bowel movements) নিয়মীয়া কৰে ।

৭। তেজৰ শৰ্কৰা হ্ৰাস কৰে ।

৮। তেজপাত হৈছে এন্টিঅক্সিডেন্ট ।

৯। কেইমাহমান তেজপাত চোবাই খালে বা তেজপাতৰ চাহ কৰি খালে শৰীৰে ইনচুলিন উৎপাদন কৰে ।

১০। বেয়া কলেষ্টৰেল নোহোৱা কৰি শৰীৰটোক triglycerides ৰ পৰা উপশম দিয়ে ।

১১। তেজপাতত ভিটামিন চি প্ৰচুৰ পৰিমাণে থকাৰ কাৰণে পানীলগা, ঠাণ্ডা লগা, ফ্লু আৰু তীব্ৰ কাহত ই বৰ উপকাৰ সাধন কৰে । তেজপাত দি পানী উতলায় তাৰ ভাপ নাকেৰে উশাহত টানি ললে কাহৰ তীব্ৰতা নোহোৱা কৰে আৰু কফ খেকাৰ আদিৰ পৰা ৰক্ষা পাব পাৰি ।

১২। তেজপাতত কাৰ্ডিঅ’ভাচুলাৰ সুৰক্ষাৰ যৌগ থকাৰ কাৰণে ই হাৰ্ট এটেক আৰু ষ্ট্ৰ’ক ৰ পৰাও ৰক্ষা কৰে ।

১৩। তেজপাতত প্ৰচুৰ পৰিমানৰ এচিড যেনে- কেফেইক এচিদ ( caffeic acid), কুৰ্চেটিন( quercetin), ইগ’নল( eigonol) আৰু বাৰ্ট’লিনাইড( bartolinide), ইত্যাদি পদাৰ্থ থকাৰ কাৰণে ই শৰীৰত কেঞ্চাৰ কোষ গঠনত বাধা দিয়ে ।

১৪। ৰ্নিদ্ৰাহীনতা আৰু উদ্বীগ্নতা নোহোৱা কৰে । বিচনাত পৰাৰ আগতে খালে বিশ্ৰাম ( Relaxation)ৰ সহায়ক হৈ শান্তিৰে টোপনি অহাত সহায় কৰে ।

১৫। দিনে অন্ততঃ দুবাৰকৈ তেজপাত দি উতলাই লোৱা পানী খালে কিডনীৰ পাথৰ গুড়ি কৰি সংক্ৰমণ নোহোৱা কৰে ।

 

কথাখিনি এতিয়াই আপোনাৰ বন্ধুক SHARE কৰক। 

 

You might also like