Your Voice, Our Strength

অলিম্পিকত ক’ৰ পৰা তৈয়াৰ কৰে ইমানবোৰ মেডেল?

আপুনি জানেনে সোণৰ মেডেলটোত কিমান সোণ থাকে ?

আজিৰ খবৰ,১০ আগষ্ট: অলিম্পিক সমাপ্তিৰ লগে লগেই পদক জয়ী কৰা প্ৰতিখন দেশতে এতিয়া বিজয়ী প্ৰতিযোগিক লৈ চলিছে আনন্দৰ মহোৎসৱ । মেডেল লৈ প্ৰতি গৰাকী বিজয়ী প্ৰতিযোগীয়ে উৎফুল্লিত হোৱাৰ লগতে দেশ অঞ্চল আৰু পৰিয়ালৰ মাজত বৈছে আনন্দৰ বন্যা ।এই সকল মহান খেলুৱৈক লৈ সকলো এতিয়া গৌৰাম্বিত । মেডেলৰে আনন্দৰ মাজতে টকিঅ অলিম্পিক ২০২০ চনৰ সোণ, ৰূপ আৰু ব্ৰঞ্জৰ মেডেলবোৰ কেনেদৰে বনোৱা হৈছে আপুনি জানেনে ? জানেনে সোণৰ মেডেল টোত কিমান সোন থাকে ? বৰ্তমান ডিজিটেলৰ যুগ । সকলোৰে হাতত মোবাইল আৰু লেপটপ । বৰ্তমান এজন মানুহৰে ৩-৪ টা মোবাইল আৰু লেপটপ ব্যৱহাৰ কৰা দেখা যায় । আপুনি বাৰু এতিয়ালৈকে কেইটা মোবাইল আৰু লেপটপ ব্যৱহাৰ কৰিলে মানে বেয়া হোৱাৰ পিছত নতুন ক্ৰয় কৰে কিন্তু পুৰনিটো কি কৰে নিশ্চয় কৰবাত ৰাখে নহলে ভঙা-চিঙাক কম দামত বিক্ৰী কৰে । কিন্তু এই ইলেক্ট্ৰনিক আৱৰ্জনা বোৰক পুনৰ নৱীকৰন কৰি মেডেলবোৰ বনোৱা হৈছে জাপানত । জাপান চৰকাৰে এই মোবাইল আৰু লেপটপ আহৰণ কৰাৰ বাবে “টকিঅ মেডেল প্ৰজেক্ট” নামেৰে নাম দিয়ে। জাপান চৰকাৰে বেয়া মোবাইল আৰু লেপটপবোৰ আহৰন কৰিবৰ বাবে কেম্পেইন চলাইছিল। ইয়াৰ দ্ধাৰা ঘৰতে পৰি থকা বেয়া মোবাইল আৰু লেপটপবোৰ ইলেক্ট্ৰনিক আৱৰ্জনাৰ পৰা মেডেল ৰূপে তৈয়াৰ হ’ল। এই কামৰ বাবে জাপানৰ দৰে দেশে সম্পূৰ্ণ ২ বছৰত ৫০০০ সোণ, ৰূপ, আৰু ব্ৰঞ্জ মেডেল তৈয়াৰ কৰিছিল। এই কেম্পেইনত জাপানৰ সৰু-ডাঙৰ সকলো চহৰৰে ৯০% মানুহে অংশগ্ৰহণ কৰি বেয়া মোবাইল আৰু লেপটপবোৰ দান কৰিছিল। আচৰিত যে বেয়া ইলেক্ট্ৰণিক সামগ্ৰীবোৰ Recycling কৰি ২ বছৰ প্ৰচেষ্টাৰ অন্তত ৭০ পাউণ্ড (৩২ কিলো সোণ), ৭৭০০ ৰূপ আৰু ৪৮৫০ পাউণ্ড ব্ৰঞ্জ সংগ্ৰহ কৰে, সৰ্বমুঠ ৮০ টন সোন, ৰূপ,ব্ৰঞ্জ সংগ্ৰহ কৰে জাপানে । উল্লেখ্য যে এই পুৰণা সামগ্ৰী বা আৱৰ্জনাবোৰ পৃথিৱীৰ পৰা নহোৱা হয় আৰু ইয়াৰ পৰা Recycling কৰি তৈয়াৰ কৰা মেডেল সমূহ অলম্পিকৰ মেডেল সমূহ বিভিন্ন দেশলৈ বটা হিচাপে প্ৰদান কৰে। অলম্পিকৰ এই মেডালবোৰোৰ ভিতৰত ব্ৰঞ্জৰ মেডেলটো কপাৰেৰে তৈয়াৰ হয়। অন্যহাতে সোণৰ মেডেলটোত ১.২% সোণ থাকে আৰু ৰূপৰ মেডেলটো চিলভাৰেৰে তৈয়াৰ কৰা হয় ।

P&C
You might also like