Your Voice, Our Strength

খুলিব নে বন্ধ থাকিব আন্ত:জিলাৰ যাতায়ত : দিল্লীত সংবাদ মেল পাতি কি কলে মুখ্যমন্ত্ৰীয়ে…..

আজিৰ খবৰ,১০ আগষ্ট : সোমবাৰে সংসদত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰে বৈঠক, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকে ধৰি অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীৰ সাক্ষাতৰ পিছতে সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু কেইটা গুৰুত্ব পূৰ্ণ কথা অৱগত কৰে। মুখ্যমন্ত্ৰীৰে সৈতে প্ৰধানমন্ত্ৰীৰে হোৱা বৈঠকত আলোচনা ইতিবাচক হোৱাৰ কথা সংবাদ মেলত সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,”নামৰূপ সাৰ কাৰখানা পুনৰুজ্জীৱিতকৰণৰ সন্দৰ্ভত আলোচনা কৰা হৈছে । এই ক্ষেত্ৰত নামৰূপত নেন’ ইউৰিয়া প্লেণ্টেত স্থাপনৰ পোষকতা কৰে প্রধানমন্ত্রীয়ে ।ইফালে অসমত আন্তজিলা যাতায়ত খোলাৰ সন্দৰ্ভত

মুখ্যমন্ত্ৰী কয় অসমলৈ অহাৰ পাছতে আন্তঃজিলা যাতায়াত খোলাৰ ক্ষেত্রত আলোচনা কৰা হ’ব। যুগ্ম-অযুগ্ম নম্বৰেৰে যাতায়াত খোলাৰ ব্যৱস্থা কৰাৰ প্ৰস্তুতি কৰা হৈছে । সংক্ৰমণ হ্ৰাস হলে হয়তো ১৫ আগষ্টৰ পিছত আন্তঃজিলা যাতায়াত খোলাৰ সম্ভাৱনা।লগতে ১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহ খোলাৰ যো-জা কৰা হৈছে ।ইফালে পৰীক্ষাসমূহৰ ফাইনেল পতাৰ ক্ষেত্রতো আলোচনা কৰাৰ কথা উল্লেখ কৰে মুখ্যমমন্ত্ৰীয়ে ।

P&C
You might also like