Your Voice, Our Strength

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

এটিএমত ধন নাথাকিলে বেংকে ভৰিব লাগিব জৰিমনা

আজিৰ খবৰ, ১১ আগষ্ট: বেংক সমূহলৈ  ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা।এতিয়াৰে পৰা এটিএমত ধন নাথাকিলে বেংকৰ ওপৰত জৰিমনা বিহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংকে।। উল্লেখ্য যে বেংকত গ্ৰাহকে ধন উলিয়াবলৈ গ’লে বহু সময়ত গ্ৰাহকে ধন নাপায় হাৰাশাস্তি সন্মুখীন হ’ব লগা হয় ।এ টি এমত ধন নথকাৰ বাবেই এই হাৰাশাস্তি সন্মুখীন হয় গ্ৰাহক সকল । ইতিমধ্যে এটিএমত সময়মতে ধন নভৰোৱা নিৰ্দিষ্ট বেংকৰ বিৰুদ্ধে ১০,০০০ টকা জৰিমনা বিহাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰ বি আইয়ে । এটিএমত ১০ ঘণ্টাতকৈ অধিক সময়লৈ পৰ্যাপ্ত ধন নাথাকিলে সেই বেংকৰ ওপৰত জৰিমনা বিহিব। এই ব্যৱস্থা ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব।এই সন্দৰ্ভত নিয়ম পালন নকৰিলে বিষয়টো গুৰুত্ব সহকাৰে লোৱা হ’ব আৰু মৌদ্ৰিক জৰিমনা বিহা হ’ব বেংক সমূহৰ ওপৰত ।

P&C
You might also like