Your Voice, Our Strength

কাইলৈ অসম পাবহি অসমৰ বজ্ৰকন্য

লাভলীনাক আদৰিবলৈ কলাক্ষেত্ৰত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন।

আজিৰ খবৰ, গুৱাহাটী, ১১ আগষ্ট : ১২ আগষ্টত গুৱাহাটী পাবহি অলিম্পিক পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোহাঁই । লাভলীনাৰ প্ৰতিচ্ছবিৰে ভৰি পৰিছে গুৱাহাটী মহানগৰী । বজ্ৰকন্যক আদৰিবলৈ ৰেড কাৰ্পেট পাৰি ব্যাপক প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে । গুৱাহাটীত আহি উপস্থিত হোৱাৰ সময়ত লাভলীনাক ৰেড কাৰ্পেট পাৰি আদৰণি জনাব । সম্পূৰ্ণ সাজু কৰি তুলিছে শংকৰদেৱ কলাক্ষেত্ৰ । ১২ আগষ্টত শংকৰদেৱ কলাক্ষেত্ৰত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে ৰাজ্য চৰকাৰে। ইফালে লাভলীনাক আদৰিবলৈ গৃহ জিলা গোলাঘাটটো চলিছে ব্যাপক প্ৰস্তুতি । গৃহভূমি বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ ৰাইজে অধীৰ অপেক্ষাত ৰৈ আছে ব্ৰঞ্জ কন্যাক আদৰিবলৈ ।অন্যহাতে মহানগৰ ওপচাই পেলোৱা হৈছে লাভলীনাৰ বিশাল পোষ্টাৰ, হৰ্ডিঙেৰে।১২ আগষ্টত লাভলীনা বৰগোঁহাইক স্বগৃহত ৰাজ্যিক সন্মানৰ মৰ্যাদাৰে চৰকাৰে আদৰণি জনাব। গোলাঘাটৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ ঘৰত জিলা উপাযুক্তৰ তত্বাৱধানত থাকিব লাভলীনা। উল্লেখ্য যে ৰাজ্য চৰকাৰে অৰ্জুন বঁটা বিজয়ী লাভলীনা বৰগোঁহাইৰ নাম ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে । বিপুলভাৱে সনম্বৰ্ধৰ্ণা জনোৱাৰ লগতে লাভলীনাক চৰকাৰে অসমৰ ক্ৰীড়া নীতি অনুযায়ী ৫০ লাখ টকা আৰু APS/ACS পৰ্যায়ৰ চাকৰি প্ৰদান কৰিব।

You might also like