
লাহৰীঘাটত পুনৰ আন এক জঘন্য ধৰ্ষণ কাণ্ড।
আজিৰ খবৰ, মৰিগাৱঁ, ১২ আগষ্ট : এই চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে লাহৰিঘাট আৰক্ষী থানাৰ অৰ্ন্তগত কছাৰী বাড়ী গাঁৱত।
লাহৰীঘাটত দিনক দিনে বৃদ্ধি পাইছে নাৰী নিৰ্যাতন আৰু ধৰ্ষন কাণ্ড।

পিতৃ-জীয়েকৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিলে ছাজাহান আলী নামৰ এইগৰাকী বাপেকে।
জানিব পৰা মতে ,ধৰ্ষীতাৰ পিতৃৰ মৃত্যুৰ পিছত মাতৃয়ে তিনি বছৰীয়া ছোৱালী জনীক লগত লৈ কছাৰীবড়ীৰ গাৱঁৰ মিৰাজ আলীৰ পুএ ছাজাহান আলীৰ লগত ১০বছৰ পুৰ্বে বিবাহ হৈছিল। উল্লেখ্য যে আদালতত লিখিত চুক্তি কৰি লৈছিল যে উক্ত ছোৱালী জনী নিজৰ ছোৱালীৰ নিচিনা চোৱা-চিতা, ভৰণ -পোষণ ,লিখা- পঢ়াৰ সমস্ত দায়িত্ব বহন কৰিব বুলি। তাৰ পিছত মহিলা গৰাকীৰ পিতৃৰ গৃহৰ পৰা ধন সম্পত্তি দিয়াৰ ওপৰি ছোৱালী জনীও পিতৃৰ পৈত্তিক সম্পত্তি হিচাপে লৈ আহে ছাজাহানৰ গৃহত।
ছাজাহানে দুদিন পিছে পিছে মহিলা গৰাকীক বিভিন্ন নিৰ্যাতন চলোৱাৰ ওপৰি ছোৱালী জনীকো নিৰ্যাতন চলাই থাকে।এনেকৈ মাতৃ কন্যাক নিৰ্যাতন চলাই থকাৰ মাজতে ১১ আগষ্টৰ ৰাতি ১২ বজাত বলপুৰ্ৱক ভাবে ধৰ্ষন কৰে আৰু নাবালিকা ছোৱালী জনীৰ এনে জগন্য কুকান্ড কৰাৰ কথা মাতৃয়ে তথা ছাজাহান আলীৰ পত্নী য়ে গম পোৱাত ছাজাহান আলীয়ে মাৰপিট কৰি পত্নী আৰু কন্যাক হাত ভৰি ভাঙি গুৰুতৰ ভাবে আহত কৰে।
পাছত এই ঘটনা সন্দৰ্ভত ধৰ্ষীতাৰ আত্মীয়ই লাহৰিঘাটত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
লাহৰীঘাটৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদীপ বড়োৱে তদন্ত আৰম্ভ কৰে আৰু লম্পট ছাজাহান আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।