Your Voice, Our Strength

লাভলীনালৈ ৰাজ্য চৰকাৰে আগবঢ়াই ১ কোটি টকা, অসম আৰক্ষীৰ DSP পদ প্ৰদান চৰকাৰৰ।

লাভলীনা বৰগোহাঁইৰ নামেৰে সৰুপথাৰ -গুৱাহাটীত নামাকৰণ হ'ব পথ।

আজিৰ খবৰ, গুৱাহাটী, ১২ আগষ্ট : অসমৰ ইতিহাস ৰচনা কৰি অলিম্পিকত পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলীনা বৰগোহাঁই অসম চৰকাৰে বৃহস্পতিবাৰে তাৰকা খেলুৱৈগৰাকীৰ কলাক্ষেত্ৰত সম্বৰ্ধনা জনায়। উপহাৰৰ চিন স্বৰূপে লাভলীনালৈ ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ DSP পদ প্ৰদান কৰে।কেৱল ইমানেই নহয় লাভলীনালৈ ৰাজ্য চৰকাৰে আগবঢ়াই ১ কোটি টকা। লগতে লাভলীনাৰ নামেৰে নিৰ্মাণ কৰিব সৰুপথাৰত ২৫ কোটিৰ ক্ৰীড়াপ্ৰকল্প । ক্ৰীড়াপ্ৰকল্পত থাকিব বক্সিঙৰ একাডেমী। সেইদৰে পেৰিছ অলিম্পিক পৰ্য্যন্ত প্ৰতিমাহে লাভলীনা বৰগোঁহাইক চৰকাৰে এক লাখ টকাকৈ প্ৰদান কৰিব।

P&C

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি, গুৱাহাটীৰ এটা পথৰ নামো লাভলীনা বৰগোহাঁইৰ নামেৰে নামাকৰণ কৰিব ৰাজ্য চৰকাৰে। লাভলীনা বৰগোহাঁইৰ চাৰিগৰাকী প্ৰশিক্ষককো ১০ লাখ টকাকৈ প্ৰদান কৰিব অসম চৰকাৰে। চৰকাৰৰ বিপুলভাৱে জনোৱা উষ্ম আদৰণি অনুষ্ঠানত তাৰকা খেলুৱৈ লাভলীনাই সম্বৰ্ধনা মুহূৰ্তত আবেগিক হৈ পৰাও দেখিবলৈ পোৱা গৈছিল । পুনৰ ৰাজ্যবাসীক উদ্দেশ্যি লাভলীনা বৰগোহাঁই কয় সমগ্ৰ ৰাজ্যবাসীক মই ক্ষমা খুজিছোঁ। মই গল্ড আনিব নোৱাৰিলো, প্ৰতিশ্ৰুতি দিছো পেৰিছ অলম্পিকত গ’ল্ড আনিম।

You might also like