Your Voice, Our Strength

জটিল অস্ত্ৰোপচাৰ পাছত লাহে লাহে সুস্থ হৈ উঠিছে আই পি এছ বৈভৱ চি নিম্বালকাৰ

আজিৰ খবৰ, কাছাৰ, ১৩ আগষ্ট : জটিল এক অস্ত্ৰোপচাৰ পাছতেই লাহে লাহে সুস্থ হৈ উঠিছে আই পি এছ বৈভৱ চি নিম্বালকাৰ । তিনিঘন্টা ধৰি হোৱা বহু জটিল অস্ত্ৰোপচাৰৰ পাছত চিকিৎসকে তেওঁৰ দেহৰ পৰা পাঁচোটাকৈ গুলি বাহিৰ কৰিবলৈ সক্ষম হয় ।উল্লেখ্য যে অসম-মিজো সীমান্তত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলিত আহত হৈছিল কাছাৰৰ প্ৰাক্তন আৰক্ষী অধীক্ষক বৈভৱ চন্দ্রকান্ত নিম্বলকাৰ।

কঁকালৰ লগতে শৰীৰৰ তলৰ বিভিন্ন অংশত গুলিবিদ্ধ হৈছিল বিষয়াগৰাকী, লাইলপুৰত সংঘটিত অসম আৰক্ষীৰে লৈ ধাৰাসাৰ গুলি বৰ্ষণ কৰি মিজো দুৰ্বৃত্ত আৰু মিজো আৰক্ষীয়ে আৰক্ষী বিষয়াক গুৰুত্ব ভাৱে আহত কৰাৰ লগতে ঘটনাটোত দুৰ্বৃত্তৰ গুলিত প্ৰাণ হেৰুৱাইছিল অসম আৰক্ষীৰ ৬ গৰাকীকৈ জোৱানে। শেহতীয়াকৈ জানিব পৰা মতে চিকিৎস্যালয়ত চিকিস্যাধীন অৱস্থাত আছে যদিও লাহে লাহে সুস্থ হৈ উঠিছে নিম্বলকাৰৰ । নিম্বলকাৰক বৈভৱ নিম্বলকাৰৰ চিকিৎসালয়ত সুস্থ হৈ খোজকঢ়া এখন ফটো সামাজিক মাধ্যমত ইতিমধ্যে প্ৰকাশ পাইছে। উল্লেখ্য যে, সৎ, নিষ্ঠাবান, নিৰ্ভীক, সাহসী নম্ৰ আৰক্ষী বিষয়াগৰাকীয়ে পূৰ্বতে তিনিচুকীয়া, যোৰহাট আৰু মাজুলীত সফলতাৰে আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি বিষয়াগৰাকীয়ে ডিজিপিৰ কাৰ্যালয়ত কৰ্মৰত সময়ত নিয়াৰিকৈ কাৰ্য সমাপন কৰিছিল। অধীক্ষকগৰাকীয়ে নিজৰ কৰ্মনিষ্ঠাৰ পৰিচয় দি প্ৰতিদিনে হয়তো নিশা ২বজাত হ’লেও নিজৰ দায়িত্বত থকা থানাসমূহ পৰিদৰ্শন কৰি বুজ লৈছিল। গুৰুতৰভাৱে আহত হোৱা আৰক্ষী অধীক্ষক বৈভৱ চন্দ্রকান্ত নিম্বলকাৰ ক্ৰমাৎ সুস্থ হৈ উঠিছে বুলি জানিব পাৰি ৰাজ্যবাসীয়ে সুখ অনুভৱ কৰিছে বুলি বিভিন্ন মহলৰ পৰা জানিব পৰা গৈছে। লগতে এইগৰাকী সাহসী তথা কৰ্তব্যনিষ্ঠ আৰক্ষী বিষয়াৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰি অতি সোনকালে সুস্থ হৈ উভতি অহাৰ আশা কৰিছে ৰাজ্যবাসীয়ে। আইপিএছ আৰু অসমৰ কাছাৰৰ প্ৰাক্তন আৰক্ষী অধীক্ষক নিম্বলকাৰে গুলিয়া-গুলি চলি থকাৰ সময়ত দেহত গুলি লগাৰ পাছতো মিজো আৰক্ষীক ‘ফায়াৰিং’ বন্ধ কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ লগতে অসম আৰক্ষীয়ে গুলি চলোৱা নাই বুলি বাৰেপতি স্পষ্টকৈ অৱগত কৰি আহিছে । বিতৰ্কিত আন্তঃৰাজ্যিক সীমান্তত মিজোৰামৰ আৰক্ষী বাহিনীৰ গুলিত বিষয়াজন গুৰুতৰভাৱে আহত হোৱাৰ পাছত তেওঁক বিমানেৰে মুম্বাইলৈ নিয়া হৈছিল আৰু আন্ধেৰীৰ কোকিলাবেন আম্বানী চিকিৎসালয়ত ৩টা গুৰুতৰ অস্ত্ৰোপচাৰৰ কৰা পাছত সৰ্বশেষত কঁকালৰ গুলি উলিয়াওতে গুলি ভাঙি যোৱাত অতি গুৰুত্বৰ অস্ত্ৰোপচাৰেৰে সেই গুলি উলিওৱা হয় বুলি জানিব পৰা গৈছে।

P&C

You might also like