
আজিৰ খবৰ, গুৱাহাটী, ১৩ আগষ্ট : অসম অলিম্পিক সংস্থাই অসম এমেচাৰ বক্সিং এছ’চিয়েশ্যনৰ সহযোগত টকিঅ’ অলিম্পিক ২০২০ত পদক বিজয়ী অসমৰ বক্সাৰ লভলিনা বৰগোহাঁইৰ বাবে আজি তাজ ভিভাণ্টা হোটেলত এক সম্বৰ্ধনা অনুষ্ঠান আৰু “মিট দ্য প্ৰেছ” কাৰ্যসূচী অনুষ্ঠিত কৰে। লভলিনা বৰগোহাঁইক অসম অলিম্পিক সংস্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, ৰাজ্যিক ক্ৰীড়া সংস্থা, অসম অলিম্পিক সংস্থাৰ অন্তৰ্গত জিলা ক্ৰীড়া সংস্থা আৰু অসমৰ ক্ৰীড়া সম্প্ৰদায়ৰ অন্যান্য সদস্যসকলে সম্বৰ্ধনা জনায়। এই অনুষ্ঠানত অসম অলিম্পিক সংস্থাই লাভলীনাক তিনি লাখ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰে। লগতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব দেৱ কুমাৰ মিশ্ৰই অনুষ্ঠানটোত লভলীনাৰ প্ৰশিক্ষকক দহ লাখ টকাকৈ চেক প্ৰদান কৰে। অনুষ্ঠানত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ আয়ুক্ত মলয় বৰা, বক্সিং ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ সচিব হেমন্ত কুমাৰ কলিতা উপস্থিত থাকে।
