Your Voice, Our Strength

ভয়ংকৰ: ক’তো লুকাই থাকিও আপুনি সাৰিব নোৱাৰিব।

বিপজ্জনক ভাবে বৃদ্ধি পাইছে গোলকীয় উষ্ণতা।

আজিৰ খবৰ, গুৱাহাটী, ১৩ আগষ্ট : পৃথিৱীৰ বিভিন্ন প্ৰান্তত এতিয়া যি প্ৰচণ্ড তাপ প্ৰবাহ, ধাৰাসাৰ বৰষুণ, খৰাং বা ঘুৰ্ণী বতাহ আদি যেনেকৈ বৃদ্ধি পাইছে তাৰ পৰা আপুনি কতো পলাই বা লুকাই থাকিলেও সাৰি যাব নোৱাৰিব । ২০৩০ চনৰ ভিতৰত পৃথিৱী বিপজ্জনক হৈ উঠাৰ অকংকা। প্ৰকাশ কৰিছে বিজ্ঞানী। সকলে ।

জলবায়ু পৰিৱৰ্তনকলৈ ৰাষ্ট্ৰসংঘই কৰিছে সতৰ্কবাণী । ২০০৮চনত বিজ্ঞানীসকলে যি সম্ভাৱনা ব্যক্ত কৰিছিল তাতকৈ এক দশক পূৰ্বেই গোলকীয় উষ্ণতা বিপজ্জনক স্থানত উপনীত হ’ব পাৰে বুলি বিশ্বৰ ১৯৫খন সদস্য দেশৰ সৈতে সোমবাৰে আইপিচিচিৰ এক প্ৰতিবেদনত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্ট’নিঅ’ গুটৰেছে সদৰী কৰে। পূৰ্বৰ তুলনাত পৃথিৱীৰ তাপমাত্ৰা ডেৰ ডিগ্ৰী বৃদ্ধিৰ আশংকা কৰিছে বিশেষজ্ঞ সকলে । প্ৰতিবেদনত কোৱা হৈছে যে ২০৩০চনৰ ভিতৰত সমগ্ৰ বিশ্বৰ সামগ্ৰিক তাপমাত্ৰা ১.৫ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি পাব।

P&C

জলবায়ু পৰিৱৰ্তন সম্বন্ধীয় আন্ত:চৰকাৰ কমিটি বা আইপিচিচিৰ প্ৰতিবেদনৰে মতে গোলকীয় উষ্ণতাৰ ফলত ১৯০১চনৰ পৰা ১৯৭১চন পৰ্যন্ত সাগৰৰ জলস্তৰ য’ত বছৰি ১.৩ মিলিমিটাৰকৈ বৃদ্ধি পাইছিল সেয়া ২০০৭চনৰ পৰা ২০১৮চনলৈ বছৰি ৩.৭ মিলিমিটাৰত গৈ ৰৈছে। সামগ্ৰিকভাৱে ১৯০১চনৰ পৰা ২০১৮চনলৈকে সমগ্ৰ বিশ্বৰ জলস্তৰৰ গড় বৃদ্ধি পাইছে ০.২০ মিটাৰ। কোনো নিৰ্দিষ্ট অঞ্চলৰ ভিতৰত এই উষ্ণতা বৃদ্ধি সীমাবদ্ধ হৈ থকা নাই। বিশ্বৰ সকলোতে এই বৃদ্ধিৰ ঘটনা ঘটিছে। প্ৰতিবেদনৰ সহ-সংকলক লিণ্ডা মাৰ্নছে কয়,’’ক’তো পলাই বা লুকাই থাকিলও উষ্ণতা বৃদ্ধিৰ কাৰণে ভৱিষ্যতে শান্তিত থাকিবলৈ পৃথিৱীত ঠাই নোহোৱা হ’ব ।

You might also like