Your Voice, Our Strength

৮০ হাজাৰ ক্ৰান্তিকাৰক ৰখা এখন জেইল । যাৰ চিঞঁৰ আজিও ভাঁহি আহে মানুহৰ কাণত…

ভাৰতীয় বীৰ ক্ৰান্তিকাৰীসকলৰ চিঞঁৰ ভাঁহি অহা এইখন জেইল ক'ত আছে জানে নে ?

আজিৰ খবৰ,১৪ আগষ্ট : এটা সময়ত ব্ৰিটিছে গোটেই বিশ্ব জিনি আগবাঢ়ি আহি আহি প্ৰায়বোৰ ঠাই আৱিষ্কাৰ কৰিছিল। কিন্তু এনেকুৱা এখন ঠাই আছিল যিখন ঠাই ব্ৰিটিছৰ বাবে আছিল অচিনাকি আৰু যোগাযোগ বিহীন । সেই ঠাইখনেই হ’ল ভাৰতৰ মূল ভূখণ্ডৰ পৰা প্ৰায় ডেৰ হাজাৰ কিলোমিটাৰ সাগৰীয় দূৰত্বত থকা আন্দামানৰ কালাপানী । অৱশেষত ব্ৰিটিছে বিচাৰি বিচাৰি এই ঠাইখনকো দখল কৰিছিল। চাৰিওফালে শ শ কিলোমিটাৰ সাগৰ থকা যোগাযোগ বিহীন আন্দামানক ব্ৰিটিছে মুকলি কাৰাগাৰ হিচাপে ব্যৱহাৰ কৰিছিল ১৮৫৭ চনৰ পাছত। ১৮৫৭ চনত ভাৰতত যেতিয়া মংগল পাণ্ডে, ৰাণী লক্ষ্মীবাই, বাহাদুৰ শ্বাহ জাফৰ আদি ক্ৰান্তিকাৰীৰ নেতৃত্বত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে চিপাহী বিদ্ৰোহ আৰম্ভ হৈছিল সেই বিদ্ৰোহক দমন কৰিবলৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চিপাহী বিদ্ৰোহ নেতৃত্ব লোৱা ডাঙৰ ডাঙৰ ক্ৰান্তিকাৰী সকল ধৰি আনি আন্দামানত এৰি দিছিল। চাৰিওফালে ঘন জংঘল, সাপ-মহ-ডাঁহ থকা, মানুহ নথকা আন্দামান তেতিয়া আছিল এখন মুকলি কাৰাগাৰ। আন্দামানৰ পৰা ভাৰতৰ মূল ভূখণ্ডলৈ ১৪ শ কিলোমিটাৰ আৰু ম্যানমাৰ, মালয়েছিয়া আদি দেশলৈ প্ৰায় চাৰে ছশ কিলোমিটাৰ। সেইবাবে ইয়াৰ পৰা কোনো কয়দী পলাই কোনো দেশলৈ যোৱা সম্ভৱ নাছিল। লাহে ভাৰতত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ বাঢ়ি আহিল, আৰু স্বাধীনতা বিচৰা ক্ৰান্তিকাৰীৰ সংখ্যাও বাঢ়ি আহিল। তেতিয়ায়ে আন্দামানত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এখন বন্ধ কোঠাৰ কাৰাগাৰ নিৰ্মান কৰাৰ কথা ভাবিলে। সেই পৰিকল্পনা কৰিয়ে আন্দামানত ৰখা ভাৰতীয় ক্ৰান্তিকাৰী কয়দী সকলৰ হতুৱাই ১৮৯৬ চনত কুখ্যাত কালাপানী জেইলৰ নিৰ্মাণ আৰম্ভ কৰি দিলে। জাহাজৰে ম্যানমাৰৰ পৰা ৰঙা ইটা অনা হ’ল আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ নেতৃত্বত কালাপানী জেইলৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হ’ল। ৪.৫ মিটাৰ দীঘল, ২.৭ মিটাৰ বহল, ৩ মিটাৰ ওখ, প্ৰতিটো কোঠাত মাত্ৰ এখন ভেন্টিলেটৰ থকা মুঠতে ৬৯৬ টা ৰুম বা কুঠৰী নিৰ্মান কৰা হ’ল। এটা কেন্দ্ৰৰ পৰা আৰম্ভ হোৱা কালাপানী জেইলৰ মুঠতে ৭ টা ডেউকা (Wing) আছে। এই গোটেই জেইল খনৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ হ’ল ১৯০৬ চনত আৰু জেইলখন নিৰ্মাণ কৰোঁতে খৰছ হ’ল প্ৰায় ৫ লাখ টকা তেতিয়াৰ মূল্য হিচাপত। এই কালাপানী জেইলৰ সন্মুখ ভাগতে যিটো বিল্ডিং আছে সেইটো হৈছে কালাপানী জেইলৰ কুখ্যাত জেইলাৰ ডেভিড বেৰীৰ বাসগৃহ আৰু কাৰ্যালয়। তেওঁ জেইলৰ সন্মুখ ভাগতে থাকিছিল সদায়। এতিয়া কালাপানী জেইলত কোনো কয়দী নাই, ই এটা সংগ্ৰহালয় আৰু ভাৰত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় স্মাৰক বুলি ঘোষণা কৰিছে।
কালাপানী জেইলত যেতিয়া কয়দী আছিল তেতিয়া তাৰ সন্মুখ ভাগতে এখন কাঠৰে নিৰ্মিত হস্পিতাল আছিল য’ত জেইলত আঘাতপ্ৰাপ্ত হোৱা, অসুখ হোৱা কয়দীক চিকিৎসা কৰা হৈছিল। এতিয়া সেই ঠাইডোখৰত হস্পিতালখন নাই আৰু সেই ঠাইডোখৰত বগা মাৰ্বল মাৰি কালাপানী জেইলত শ্বহীদ হোৱা শ্বহীদ সকলৰ স্মৃতিত শ্বহীদ বেদী নিৰ্মাণ কৰা হ’ল। তাৰ পৰা অলপ দূৰ গ’লেই শ্বহীদৰ স্মৃতিত নিৰ্মান কৰা দুটা জলন্ত শিখা দেখা যায়। যি দুটা শিখা বছৰৰ ৩৬৫ দিন জ্বলি থাকে আৰু এই শিখাদুটা জ্বলাবলৈ মাহত ২৪ টা ২৪ টা মুঠতে ৪৮ টা ছিলিণ্ডাৰৰ প্ৰয়োজন হয় যি কালাপানী জেইল কৰ্তৃপক্ষক ইণ্ডিয়ান অইল কৰ্পৰেচনে বিনামূলীয়াকৈ যোগান ধৰে। কালাপানী জেইললৈ ভাৰতীয় ক্ৰান্তিকাৰী সকলক অনা পাছত তেওঁলোকৰ ডিঙিত এডাল লোহাৰ খাৰু পিন্ধাই দিয়ে তাত সৰু কাঠ এডোখৰ ওলমাই দিয়া হৈছিল য’ত কয়দীজনক কি শাস্তি দিয়া হৈছে, কিয় দিয়া হৈছে, কিমান দিনৰ বাবে দিয়া হৈছে সকলো তথ্য লিখা থাকে।
কালাপানী জেইললৈ অনাৰ পাছতো কয়দী সকলক তেওঁলোকৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন শাস্তি দিয়া হৈছিল। কথা অমান্য কৰা, জেইলাৰ লগত তৰ্ক আদি কৰিলে সকলো কাপোৰ খুলি নাৰিকলৰ আঁহৰ বস্তাৰ চোলা পিন্ধাই দিয়া হৈছিল যাৰ ফলত কয়দী জনৰ গৰমত খজুৱতি, চালৰ অসুখ আদি হৈছিল। ভৰি আৰু হাতত শিকলি আৰু লোহাৰৰ তিনি ধৰণে পিন্ধাই শাস্তি দিয়া হৈছিল যাতে কয়দীবোৰ ভালকৈ বহিব নোৱাৰে, খোজকাঢ়িব নোৱাৰে। কয়দী সকলক দিনটো শুই বহি থাকিব দিয়া নহৈছিল। তেওঁলোকক জেইলাৰ দিনটো বিভিন্ন কামত ব্যস্ত ৰাখিছিল। কয়দী বোৰক দিনটোত ৩০ পাউণ্ড নাৰিকলৰ তেল আৰু ১০ পাউণ্ড সৰিয়হৰ তেল পেৰিব দিয়া হৈছিল। সন্ধিয়া জেইলাৰ সেইবোৰ চাইছিল আৰু যি কয়দীয়ে সেই নিৰ্ধাৰিত তেল পেৰিব পৰা নাছিল তেওঁলোকক জেইলৰ সকলোৱে দেখাকৈ কাঠৰ ষ্টেণ্ড এডালত হাতখন ওপৰলৈ বান্ধি লৈ উলংগ কৰি কমৰত কাপোৰ এখন বান্ধি চাবুকৰে কোবোৱা হৈছিল। কমৰত এইবাবেই কোবোৱা হৈছিল যাতে কয়দী জনে পাছত বহিব, শুব অসুবিধা পাই। কালাপানী জেইলৰ লগতে লাগি আছে ফাঁচী ঘৰ। তাত যিসকল কয়দীৰ ফাঁচী অৰ্ডাৰ দিয়া হৈছিল তেওঁলোকক ফাঁচী দিয়া হৈছিল। আৰু শুনা যায় যে এই ফাঁচীঘৰত তিনিজনক একেলগে ফাঁচী দিব পৰা ব্যৱস্থা আছে আৰু তিনিজনক একেলগে ফাঁচী দিয়া হৈছিল। কালাপানী জেইলৰ ডেউকাবোৰ এনেভাৱে নিৰ্মান কৰা হৈছিল যে কাল কুঠৰীত থকা কোনো কয়দীয়ে যাতে কোনো কয়দীক দেখা নাপায়। সেইবাবে কোনো কয়দীয়ে তেওঁৰ কাষৰ কুঠৰীত কোন আছে গম নাপাইছিল। যাৰ ফলত তেওঁলোকে জেইলত ঐক্যবদ্ধ হ’ব নোৱাৰিছিল। ভাৰতৰ সকলো ৰাজ্যৰ ক্ৰান্তিকাৰী এই কালাপানী জেইললৈ অনা হৈছিল। অসমৰ পৰা বাহাদুৰ গাওঁবুঢ়া, দুটিৰাম বৰুৱা, ফৰ্মুদ আলী, বিনয় লস্কৰ, গোপেন ৰয় আদিক ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অপৰাধত কালাপানী জেইলত নিৰ্বাসন দিয়া হৈছিল। কালাপানী জেইলত কয়দীসকলক অমানৱীয় শাস্তি দি কুখ্যাত হৈ পৰা ব্ৰিটিছ জেইলাৰ জনৰ নাম আছিল ডেভিড বেৰী। তেওঁৰ নাম শুনিলেই কয়দী সকলে ভয় কৰিছিল। ১৮৬৮ চনৰ মাৰ্চ মাহত আন্দামানৰ পৰা ২৩৮ জন কয়দী পলাবলৈ যত্ন কৰিছিল কিন্তু সেই বছৰৰ এপ্ৰিল মাহতে তেওঁলোকক ব্ৰিটিছ চৰকাৰে আকৌ ধৰে। তাৰে এজন কয়দীয়ে আত্মহত্যা কৰে বাকী ৮৭ জন কয়দীক পলোৱাৰ অপৰাধত ব্ৰিটিছ চৰকাৰে ফাঁচী দিয়ে। এটা তথ্যৰ পৰা জনা যায় যে আন্দামানৰ কালাপানী জেইলত মুঠতে প্ৰায় ৮০ হাজাৰ ক্ৰান্তিকাৰী ভাৰতীয় কয়দীক ৰখা হৈছিল। ১৯৩৯ চনত কালাপানী জেইল সম্পূৰ্ণ ৰূপে খালী কৰি দিয়া হয়। তাৰ পাছৰ পৰা কালাপানী জেইলত আজি পৰ্যন্ত কোনো কয়দী ৰখা হোৱা নাই। কালাপানী জেইলৰ ৭ টা ডেউকাৰ বৰ্তমান ৩ টা ডেউকাহে আছে। বাকী ৪ টা ডেউকা চৰকাৰে বিভিন্ন কাৰণত ভাঙি পেলাই য’ত দুটা ডেউকা ভাঙি আন্দামানৰ সৰ্ব বৃহৎ চৰকাৰী চিকিৎসালয় GB Pant হস্পিতাল স্থাপন কৰা হয়। য’ত উন্নত মানৰ সকলো চিকিৎসা বিনামূলীয়াকৈ কৰা হয়। এটা সময়ত যোগাযোগ বিহীন আন্দামান বা কলীয়াপানী বুলি ক’লে এতিয়াও কিছু লোকে ভয় কৰে। যোগাযোগৰ সমস্যা এতিয়াও আন্দামানত অলপ আছে কিন্তু আগতকৈ বহুত উন্নত হ’ল। আন্দামানলৈ পানী জাহাজ আৰু উৰা জাহাজৰে আহিব পাৰি। গুৱাহাটীৰ পৰা পোনপটীয়া বিমান আন্দামানলৈ নাহে। অসমৰ মানুহৰ বাবে কলিকতাৰ পৰা আন্দামানলৈ আহিলে সুবিধা হয়। বৰ্তমান 5G নেটৱৰ্ক আহিল। কিন্তু আন্দামানত আজি ছমাহ আগলৈকে 2G নেটৱৰ্কো নাছিল। মোবাইৰ পৰা কোনো ধৰণৰ ইণ্টাৰনেট চলাব পৰা নগৈছিল। তাৰ পাছত সাগৰৰ তলে তলে চেন্নাইৰ পৰা চাবমেৰিন অপ্টিকেল ফাইবাৰ কেবোল যোগে বৰ্তমান আন্দামানত কিছু উন্নত মানৰ ইণ্টাৰনেট কানেকচন দিয়া হৈছে। প্ৰাকৃতিক ভাৱে আন্দামান বৰ সুন্দৰ সেইবাবে আন্দামান পৰ্যটকৰ বাবে বিখ্যাত। যাৰ ত্যাগৰ বাবে আজি আমি স্বাধীন সেই কলাপানী জেইললৈ গ’লে আজিও সেই বীৰ ক্ৰান্তিকাৰীসকলৰ চিঞঁৰ কাণত ভাঁহি উঠে ।

P&C
You might also like