ত্যাগ, কষ্ট আৰু একাগ্ৰতাৰ কথামালা।
তেতিয়াৰ দিনত সশ্ৰম কাৰাবন্দীসকলৰ শাস্তি বিধান বৰ ভয়লগা আৰু অতিশয় বেদনাদায়ক আছিল।
স্বাধীনতা সংগ্ৰামী
নগাঁৱৰ প্ৰয়াত পূৰ্ণ চন্দ্ৰ শৰ্মাৰ কথাৰে……
— ইলুদেৱী বৰুৱা
১৯৭২ চনৰ কোনোবা এটা মাহৰ এদিন। সেই সময়ত যোৰহাট জিলা কাৰাগাৰত একমাত্ৰ মহিলা বিষয়া হিচাপে মই কৰ্মৰত।
তেনে সময়ত ভাৰত চৰকাৰে স্বাধীনতা সংগ্ৰামত কাৰাবাস খাটি অৰিহণা যোগোৱা মুক্তি যুঁজাৰুসকলক তাম্ৰপত্ৰ আৰু পেনশ্বন্ দিয়াৰ ব্যৱস্থা কৰিছিল।প্ৰমাণ-পত্ৰ বিচাৰি যোৰহাত জিলা কাৰাগাৰত সন্মানীয় স্বাধীনতা যুঁজৰ ব্যক্তিসকল বা তেওঁলোকৰ আত্মীয়-কুটুম্ব আহি ভৰি পৰিছিল। মোৰ নিজৰ পূৰ্বৰ কামৰ উপৰিও এইসকল স্বাধীনতা সংগ্ৰামীক প্ৰমাণপত্ৰ দিয়া বা চাই-চিতি দিয়াৰ ভাৰ মোৰ ওপৰতে পৰিছিল।অৱশ্যে মই মুক্তি-যুঁজাৰুসকলৰ বিষয়ে জানিবলৈ উৎসুকো আছিলো।
মুক্তি-যুঁজাৰুসকলৰ প্ৰমাণ-পত্ৰ দি থাকোতে এদিন এজন ব্যক্তি আহি মোক লগ পাবলৈ বিচাৰিলে। তেখেতক আগতে চিনি নেপাওঁ। মই তেখেতক বঢ়িবলৈ দি প্ৰশ্নসূচক দৃষ্টিৰে চাওঁতে সম্ভ্ৰান্ত ব্যক্তিজনে গাম্ভীৰ্যৰে মোক প্ৰশ্ন কৰিলে—
:তুমিয়েই ইলুদেৱী নোহোৱা জানো? মই নগাঁৱৰ ‘গণতন্ত্ৰ’ কাকতৰ মালিক আৰু সম্পাদক পূৰ্ণচন্দ্ৰ শৰ্মা।
থিয় হৈ মই তেখেতক নমষ্কাৰ জনালোঁ আথেবেথে বহিবলৈ দিলোঁ। তেখেতৰ লগত মোৰ চকুৰ চিনাকি নাছিল যদিও নামটোৰ সৈতে আগৰে পৰা ভাল চিনাকি আছিল। কাৰণ মই মাজে মাজে কবিতা লেখিছিলোঁ, ‘জনমভূমি’ কাকতৰ লগতে তেখেতৰ কাকতলৈকো পঠিয়াইছিলোঁ আৰু একুৰিমান কবিতা ‘গণতন্ত্ৰ’ কাকততো প্ৰকাশ পাইছিল। সেই সূত্ৰেই আমাৰ চিনাকি। বিশেষ এটা কামত তেখেত কাৰাগাৰলৈ আহিছে আৰু আমাৰ সহায় বিচাৰিছে।
‘গণতন্ত্ৰ’ কাকতৰ মালিক পূৰ্ণচন্দ্ৰ শৰ্মা প্ৰাক্তন সাংসদ আৰু বিধান সভাৰ সদস্য আছিল। তেখেত উচ্চতম ন্যায়লয়ৰ উকীল আৰু এজন স্বাধীনতা যুঁজাৰুৰ উপৰিও নগাঁৱ বুৰঞ্জী সংকলন সমিতিৰ সভাপতি আছিল। তেখেতে সেই সময়ত নগাঁৱ জিলাৰ মুক্তি-সংগ্ৰামৰ বিষয়ে দুটা খণ্ডৰ গ্ৰন্থ লিখাৰ প্ৰয়াগ কৰিছিল। সেইবাবে যোৰহাট কাৰাগাৰত থকা মুক্তি-যুঁজাৰুসকলৰ কাৰাবাস খটাৰ সঠিক বিৱৰণ প্ৰয়োজন হৈছিল। তেখেতৰ প্ৰতিভা আৰু ব্যক্তিত্বত মই আকৰ্ষিত হৈছিলোঁ আৰু সহায় কৰিবলৈ আগবাঢ়িলোঁ। অধীক্ষকৰ লগত কথা-বতৰা পতাৰ পিছত মোকেই কাযটো কৰিবলৈ দিলে।
যোৰহাট জিলা কাৰাগাৰত থকা মুক্তি-যুঁজৰ সেনানীসকলৰ সবিশেষ সংগ্ৰহ কৰি তালিকা তৈয়াৰ কৰাৰ কাম কষ্টকৰ আছিল যদিও কাৰাগাৰৰ ‘মেট’ আৰু অনান্যৰ সহায়ত মই সম্পূৰ্ণকৈ কৰি দিব পাৰি আনন্দিত হৈছিলোঁ। তেখেতে মোৰ প্ৰতি কৃতজ্ঞ হৈ কেইবাবছৰৰলৈকে ‘গণতন্ত্ৰ’ কাকতখন মোলৈ বিনামূল্যে পঠিয়াই আছিল।
এইসকল স্বাধীনতা যুঁজৰ সেনানীয়ে ভাৰতৰ দাসত্বৰ শিকলি চিঙি হেৰোৱা স্বাধীনতা ঘূৰাই আনিবলৈ উৎসাহ-উদ্যমেৰে ঘৰ-বাৰী ত্যাগ কৰি নানান কষ্ট কৰাৰ উপৰিও বিভিন্ন সময়ত কাৰাবাস খাটিছিল। ঊনৈশ শ একৈশ চনৰ শেষৰ ফালৰ পৰাই যোৰহাট জিলা কাৰাগাৰত(এতিয়া কেন্দ্ৰীয় কাৰাগাৰ) স্বাধীনতা সংগ্ৰামীসকল থকাৰ নথি-পত্ৰ পাইছিলোঁ। ঊনৈশ শ ত্ৰিশ চনৰ পৰা বহুতো সংগ্ৰামীয়ে কাৰাবৰণ কৰিছিল। বিয়ালিছৰ বিপ্লৱত গ্ৰেপ্তাৰ হোৱা আৰু কাৰাবৰণ কৰা লোকৰ সংখ্যা সৰ্বাধিক আছিল।
অতি ব্যস্ততাৰ মাজতে পূৰ্ণচন্দ্ৰ শৰ্মা দেৱে সেই সময়ৰ কাৰাগাৰৰ বিষয়ে কিছু কথা কৈছিল। তেতিয়া অসমৰ যোৰহাট , নগাঁৱ, গুৱাহাটী আদি কাৰাগাৰসমূহত মুক্তি আন্দোলন কৰা লোকসকলক ৰখাৰ উপৰিও শ্ৰীহট্ট কাৰাগাৰতো যথেষ্ট সংখ্যকক ৰাখিছিল। কয়েদীসকলৰ ডিঙিত কাঠৰ টিকট ওলোমাই লোহাৰ বেৰী পিন্ধাই দিয়া হৈছিল। যিসকল কাৰাবাসীয়ে কাৰাগাৰৰ আইন-কানুনৰ বিৰুদ্ধাচাৰণ কৰিছিল, তেওঁলোকক দাণ্ডাবেৰী লগাই ওপৰন্সি শাস্তি প্ৰদান কৰিছিল। তেতিয়াৰ দিনত মামৰে ধৰা লোহাৰ থালবাতি আছিল। গোন্ধোৱা ৰঙা উখোৱা চাউলৰ ভাত, মাটি ডাইলৰ পানী আৰু ভাজিৰ নামত শাক-পাত নাইবা ঘেলঘেলীয়া কিবা অলপ। পুৱা মাৰভাত আৰু নিমখ।
তেতিয়াৰ দিনত সশ্ৰম কাৰাবন্দীসকলৰ শাস্তি বিধান বৰ ভয়লগা আৰু অতিশয় বেদনাদায়ক আছিল। তেওঁলোকক লঠিওৱা, গুৰিওৱাৰ উপৰিও বীভৎস শাস্তিপ্ৰদান কৰিছিল। যোৰহাট কাৰাগাৰত বন্দী হৈ থকা কালত বা ভোগ কৰা বিভিন্ন শাস্তি বিধানৰ বিষয়ে শৰ্মাই তেখেতৰ ডায়েৰিত উল্লেখ কৰা পঢ়িছিলোঁ। দিনে বাৰপুৰা ধান তিনিজন কয়দীয়ে ঢেকীত বানি চাউল উলিয়াই দিব লাগিছিল। কাৰাগাৰত এটা ভয়ানক নিম্নমানৰ শাস্তি বা শ্ৰম আছিল এলাই খুন্দা অৰ্থাৎ স্পৰ্শ কৰিলেই খজুৱা এবিধ বিষাক্ত এৰা খুন্দি ৰছী বটাৰ কাম কৰিবলৈ দিয়া হৈছিল। এলাই খুন্দোতে তাৰ পৰা ওলোৱা আঠা গাত লাগি খৰ-খজুৱতি হৈ হাত ভৰি পঙ্গু কৰি পেলাইছিল।
কাৰাবাস খটাৰ প্ৰমাণপত্ৰ নিবলৈ অহা মুক্তি- যুঁজাৰুসকলক স্বাধীনতা যুঁজৰ অভিজ্ঞতা সম্পৰ্কে দুই এটা কথা কৌতুহলবশতঃ সুধিছিলোঁ। তেখেতসকলেও অকপটভাবে মোক সংক্ষেপে শিহৰণ তোলা কথা কৈছিল। ভাৰতক স্বাধীন কৰিবলৈ প্ৰত্যেক জন ব্যক্তিৰ ত্যাগ, কষ্ট আৰু একাগ্ৰতাৰ কথা শুনি আপ্লুত নহৈ নোৱাৰিলোঁ।
————