Your Voice, Our Strength

৭৫সংখ্যক স্বাধীনতা দিৱস :: খানাপাৰাৰ পতাকা উত্তোলন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

আজিৰ খবৰ, গুৱাহাটী, ১৫ আগষ্ট : সমগ্ৰ দেশৰ লগতে অসমতো আজি উদযাপিত হৈছে ৭৫সংখ্যক স্বাধীনতা দিৱস৷ গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্রীয়ভাৱে অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসত ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতা আন্দোলনৰ বীৰ যুঁজাৰু সকলক স্মৰণ কৰি বহু কেইটা তাৎপৰ্যপূৰ্ণ কথা সদৰি কৰে । ইফালে ত্ৰিৰংগা পতাকাৰ তলৰ পৰা আলফা স্বাধীনৰপৰেশ বৰুৱাক শান্তি আলোচনালৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে আজি খানাপাৰাৰ কেন্দ্রীয় অনুষ্ঠানত মুখ্যমন্ত্রীয়ে পতাকা উত্তোলন কৰাৰ বিপৰীতে মন্ত্রী ৰঞ্জিত কুমাৰ দাসে বৰপেটা, অতুল বৰাই শিৱসাগৰ, ইউ জি ব্রহ্মই চিৰাং, চন্দ্রমোহন পাটোৱাৰীয়ে দৰং, পৰিমল শুক্লবৈদ্যই কাছাৰ, কেশৱ মহন্তই নগাঁও, ডাঃ ৰণোজ পেগুৱে যোৰহাট, অশোক সিংহলে শোণিতপুৰ, যোগেন মহনে তিনিচুকীয়া, সঞ্জয় কিষাণে লখিমপুৰ, অজন্তা নেওগে গোলাঘাট, পীয়ূষ হাজৰিকাই নলবাৰী, বিমল বৰাই ডিব্রুগড়, বিটিচিপ্রধান প্রমোদ বড়োৱে কোকৰাঝাৰ, কার্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে পূব কার্বি আংলং, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱলাল গার্লোচাই ডিমা হাছাও আৰু বিটিচিৰ উপ–মুখ্য কার্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে ওদালগুৰি জিলাত পতাকা উত্তোলন কৰে৷ ক’ভিড প্রট’কলৰ বাবে আজি অনুষ্ঠিত হোৱা কেন্দ্রীয় উৎসৱত কেৱল ১,৫০০ লোকৰ উপস্থিতিহে নির্দিষ্ট কৰা হৈছে৷ ইতিমধ্যে স্বাধীনতা দিৱস উপলক্ষে জাৰি কৰা ক’ভিড নিয়মাৱলী অনুসৰি জিলা ভিত্তিত অনুষ্ঠিত হোৱা অনুষ্ঠানত ৫০০জন আৰু মহকুমা ভিত্তিত হোৱা স্বাধীনতা দিৱস অনুষ্ঠানত ৩০০জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব বুলি স্পষ্ট কৰিছিল ।সেয়েহে ৰাজ্যৰ বিভিন্ন স্থানত নগণ্য সংখ্যক উপস্থিতিত উদযাপন কৰে স্বাধীনতা দিৱস ।

 

P&C
You might also like