
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বশৰ্মাই অসমবাসীলৈ আগবঢ়ালে দহটা আহ্বান
কি আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে...
আজিৰ খবৰে, গুৱাহাটী, ১৫ আগষ্ট : কোনো চৰকাৰী নিৰ্দেশ বা দাবী নহয় । ৭৫ সংখ্যক স্বাধীনতা দিৱসত অসমবাসীলৈ জনাইছে দহটা আহ্বান।
প্ৰথম আহ্বান হিচাপে মুখ্যমন্ত্ৰীয়ে জনালে ….

👉 আমি সংকল্প লওঁ আহক, এতিয়াৰে পৰা আমি কোনেও আমাৰ পিতৃ-মাতৃক বোজা বুলি নাভাবিম । কোনেও পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত নথও । এই বৃদ্ধাশ্ৰমৰ ধাৰণাটোৱেই আমাৰ ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী ।
👉 আমি সংকল্প লওঁ আহক, মহাপুৰুষ শংকৰদেৱ বা মাধৱদেৱৰ তিথিত আমি গতানুগতিকভাৱে বন্ধ পালন কৰাৰ পৰিৱৰ্তে নিজৰ নিজৰ কৰ্মক্ষেত্ৰতে এই তিথি পালন কৰিম । প্ৰতিগৰাকী লোকেই নিজা নিজা কৰ্মক্ষেত্ৰৰ পৰা বছৰত ৭ দিন আঁতৰি থাকি সেই বিশেষ ৭ টা দিন নিজৰ পিতৃ-মাতৃৰ লগত কটাওক । ইয়াৰ বাবে সকলো চৰকাৰী কৰ্মচাৰীক বছৰত ৭ দিন বিশেষ ছুটী দিয়া হ’ব ।
👉 স্বাধীনতাৰ এই ৭৫ বছৰীয়া জয়ন্তীত নিজ নিজ বিদ্যালয়, মহাবিদ্যালয়ত সকলোৱে ৭৫ জোপাকৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
👉 মুখ্যমন্ত্ৰীয়ে কয় যে, প্ৰতিটো সামাজিক অনুষ্ঠানত জাতীয় সংগীত আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰক ।
👉 সংকল্প লও আহক- আমি পলিথিন ব্যৱহাৰ নকৰো । অগত্যা কৰিবলগীয়া হ’লেও কমকৈ কৰিম ।
👉 সংবিধানে ১৮ বছৰ বুলি ক’লেও কোনো কন্যা সন্তানকে ২১ বছৰৰ তলত আমি কোনো পিতৃ-মাতৃয়ে বিয়া নিদিও বুলি সংকল্প লও আহক ।
👉 সকলো চৰকাৰী কৰ্মচাৰীয়ে নিজৰ ৰাজ্যখন আগবঢ়াই নিবলৈ এঘণ্টা বেছিকৈ কাৰ্যালয়ত কাম কৰাৰ সংকল্প লওক ।
👉 যিকোনো ড্ৰাগছ সম্পৰ্কীয় ঘটনা দেখিলেই আৰক্ষীক খবৰ দিয়ক ।
👉 নিজে পঢ়ি অহা স্কুল বা কলেজখনৰ বাবে কিবা এটা কৰাৰ বাবে সকলোৱে সংকল্প লওক ৷
👉 বছৰত অন্ততঃ এটা ভাল কাম কৰো আহক ।