Your Voice, Our Strength

পাহোৱাল ডেকাৰ তেজেৰে অসমৰ ভূমি যাতে ৰাঙলি নহয় তাৰ বাবে ত্ৰিৰংগা পতাকা তলৰ পৰাই পৰেশ বৰুৱালৈ মুখ্যমন্ত্ৰীৰ আহ্বান

আলোচনাৰ মেজলৈ আহক পৰেশ বৰুৱা।

আজিৰ খবৰ , গুৱাহাটী, ১৫ আগষ্ট : ত্ৰিৰংগা পতাকাৰ তলৰ পৰা পৰেশ বৰুৱাক শান্তি আলোচনালৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰি উগ্ৰপন্থী সংগঠন আলফা স্বাধীনক শান্তি আলোচনালৈ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে এইবাৰ অসমত স্বাধীনতা দিৱসত কোনো বিধি পঠালি দিয়া নাই কোনো উগ্ৰপন্থী সংগঠনে । স্বাধীনতা দিৱসত বিষেককৈ আলফা স্বাধীনে বিৰোধিতা কৰি আহিছিল । বিগত ৪ দশক ধৰি অসমবাসীয়ে মুকলি মনেৰে স্বাধীনতা দিৱস পালন কৰিব পৰা নাছিল। উগ্ৰপন্থী সংগঠনৰ বন্ধৰ আহ্বানে অসমবাসীক স্বাধীনতা দিৱস পালনৰ পৰা বঞ্চিত কৰি আহিছিল। কিন্তু প্ৰথম বাৰৰ বাবে এইবাৰ তেনে পৰিবেশ অহা নাই । প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসত বন্দৰ আহ্বান নকৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰেশ বৰুৱাক ধন্যবাদ জ্ঞাপন কৰে। একে সময়তে অসমৰ আৰু এজনো পাহোৱাল ডেকাৰ তেজেৰে যাতে অসমৰ ভূমি ৰাঙলি নহয় তাৰ বাবে আলোচনাৰ মেজলৈ আহিবলৈ আজি ত্ৰিৰংগা পতাকাৰ তলৰ পৰাই পৰেশ বৰুৱাক মুখ্যমন্ত্ৰীয়ে জনালে আহ্বান।

You might also like