Your Voice, Our Strength

শূণ্য হ’বগৈ কংগ্ৰেছ : সুস্মিতা দেৱৰ দল ত্যাগ

ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ ।

আজিৰ খবৰ,১৬ আগষ্ট : প্ৰায়ে শূণ্য হ’বলৈ গৈ আছে কংগ্ৰেছ দল । এইবাৰ কংগ্ৰেছ এৰিলে শিলচৰৰ সক্ৰিয় নেত্ৰী সুস্মিতা দেৱে ৷ কংগ্ৰেছ দলত মোক্ষম আঘাত সানি দলৰ প্ৰাথমিক সদস্যপদ ত্যাগ কৰিলে কংগ্ৰেছ দলৰ সক্ৰিয় নেত্ৰী তথা নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভাপতি সুস্মিতা দেৱে ৷ ইতিমধ্যে দলৰ নেত্ৰী ছোনিয়া গান্ধীলৈ দেৱে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৷ প্ৰাক্তন সাংসদগৰাকীয়ে সামাজিক মাধ্যমত নিজৰ Bio আপডেট কৰাৰ পাচতে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰাক লৈ ব্যাপক চৰ্চা অব্যাহত আছিল ৷ দেৱৰ দলত্যাগ সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনেও কোনো কথা প্ৰকাশ নকৰিলেও তেওঁৰ টুইটাৰ একাউণ্টৰ Bio আপডেট কৰাৰ পাচতে দেৱে কংগ্ৰেছ দল ত্যাগ কৰা বুলি সকলোৱে ধাৰণা কৰি লৈছিল ৷ উল্লেখ্য যে টুইটযোগে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে সুস্মিতা দেৱে দল ত্যাগ কৰাৰ কথা সদৰী কৰিছে জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিবালে । শিলচৰৰ প্ৰাক্তন সাংসদগৰাকীয়ে দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰা বিষয়টোও সুনিশ্চিত কৰে ছিবালে । তেওঁ কয় যে, যুৱশক্তিয়ে দল এৰি যোৱাৰ পৰিৱৰ্তে দলক শক্তিশালী কৰা জ্যেষ্ঠ সকলে কৰা প্ৰচেষ্টাক প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিবালে জগৰীয়া কৰিছে বুলি জানিব পৰা গৈছে ।

P&C
You might also like