Your Voice, Our Strength

দীপৰ বিলৰ সমীপত কটন বিশ্ববিদ্যালয়ৰ উদ্যোগত গছপুলি ৰোপণ

আজিৰ খবৰ, গুৱাহাটী, ১৬ আগষ্ট : দেশৰ স্বাধীনতা দিৱসৰ ৭৫ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি ১৫ আগষ্টত দীপৰ বিলৰ সমীপৰ চকৰদৌ প্ৰাথমিক বিদ্যালয় , চকৰদৌ উপস্বাস্থ্য কেন্দ্ৰ আৰু চকৰদৌ দেশভক্ত তৰুণৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়ত কটন বিশ্ববিদ্যালয়ৰ বন্যপ্ৰাণী আৰু জীৱ বিজ্ঞানে ১৫০ জোপা ঔটেঙা, শিলিখা, লেটেকু, আমলখী, মধুৰিয়াম, বকুলকে ধৰি আপুৰুগীয়া গছপুলি ৰোপণ কৰা হয় । এটি গছপুলি ৰোপণ কৰি কাৰ্যসুচীৰ শুভাৰম্ভ কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্ অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীয়ে । আনহাতে কাৰ্যসূচীত অধ্যাপক নাৰায়ণ শৰ্মা , বিদ্যালয়ৰ প্ৰধান শিক্ষক দেশভক্ত তৰুণৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বিমল মেধি , স্থানীয় সমাজকৰ্মী কলীয়া ইংতি , দীপৰ বিলৰ সংৰক্ষণৰ হকে কাম কৰি অহা ৰংমন ট্যুৰিজিম চছাইটিৰ কৰ্মকর্তাদ্বয় প্ৰমোদ কলিতা আৰু কন্দৰ্প বড়োকে ধৰি কেবাজনো প্ৰকৃতিপ্ৰেমী লোক উপস্থিত থাকে ।

You might also like