Your Voice, Our Strength

দীপৰ বিলক পৰ্যটনৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণ দাবী।

ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ বিৰোধিতা ৰংমন ট্যুৰিজিম চছাইটিৰ।

আজিৰ খবৰ, গুৱাহাটী, ১৬ আগষ্ট : দেশৰ লগতে বিশ্বৰ অন্যতম প্ৰাকৃতিক জলাশয় হিচাপে পৰিগণিত হৈ অহা দীপৰ বিলক ৰক্ষা কৰিবলৈ আমি ৰংমন ট্যুৰিজিম চছাইটিয়ে জন্মলগ্নৰে পৰা কাম কৰি আহিছো আৰু কৰি যাম । কিন্তু ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ ( এন জি টি ) নিৰ্দেশনা উলংঘা কৰি গুৱাহাটী পৌৰ নিগমে দীপৰ বিলক প্ৰদূষিত কৰাৰ বাবে তলা বন্ধ কৰি দিয়া প্ৰায় ১৬ বছৰীয়া ডাম্পিং গ্ৰাউণ্ডৰ পৰা মাত্ৰ ডেৰ কিঃমিঃ নিলগৰ পৰিবেশ সংবেদনশীল অঞ্চলৰ অন্তৰ্গত পশ্চিম বৰাগাওঁৰ বেলৰতলত হাউছফেডৰ প্ৰায় ৬০ বিঘা মাটিত নতুনকৈ পুনৰ যি ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ বাবে তৎপৰতা আৰম্ভ কৰিছে আমি তাৰ তীব্ৰ বিৰোধীতা কৰিছো আৰু কৰি যাম । এই মন্তব্য দীপৰ বিলৰ সংৰক্ষণ , সংবৰ্ধন আৰু বিলখনক পৰ্যটনৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ হকে কাম কৰি অহা ৰংমন ট্যুৰিজিম চছাইটিৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰমোদ কলিতাৰ । ১৫ আগষ্টৰ দিনা সন্ধিয়া দীপৰ বিলৰ সমীপৰ দীপৰ বিল ধাবাৰ বাকৰিত সাংবাদিকৰে সৈতে হোৱা ” দীপৰ বিলৰ পৰ্যটনৰ সম্ভাৱনা ” বিষয়ক এক অন্তৰংগ আলাপত ভাগ লৈ এই মন্তব্য কৰে প্ৰমোদ কলিতাই । সাংবাদিক জিতুমণি দাসে আঁত ধৰা আলাপত প্ৰমোদ কলিতাই কয় আমি দীপৰ বিলৰ প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ ৰাখি পৰ্যটনৰ সম্ভাৱনীয়তা সমূহক বিকশিত কৰি তাক বিজ্ঞান সন্মতভাৱে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰে জীৱন জীৱিকাৰ থলীলৈ গঢ় দিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছো । আমাৰ দৰে বহু সংগঠন , পৰিৱেশ কৰ্মীৰ নিৰন্তৰ চেষ্টাত দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য , প্ৰাকৃতিক গুৰুত্ব বুজি এন জি টিয়ে ২০০৫ – ০৬ চনতে গুৱাহাটী পৌৰ নিগমে নিৰ্মাণ কৰা ডাম্পিং গ্ৰাউণ্ডটো বন্ধ বা স্থানান্তৰৰ বাবে নিৰ্দেশ দিছিল । কিন্ত সেইটো বন্ধ কৰি কিছুদিন চন্দ্ৰপুৰত আৱৰ্জনা পেলাই তাত হোৱা প্ৰতিবাদৰ বাবে পুনৰ পূৰ্বৰ স্থানৰ পৰা মাত্ৰ ডেৰ কিঃমিঃ নিলগত দীপৰ বিল সংযোগী পামহী কেনেলৰ পাৰত নতুনকৈ ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে । অথচ সততে দীপৰ বিলৰ সংৰক্ষণৰ নাম লৈ বিলখনক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰি অহা বন বিভাগে এইবোৰ দেখিও নেদেখাৰ ভাও ধৰিছে । বন বিভাগৰ এই দুমুখীয়া কাৰ্য কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি প্ৰমোদ কলিতাই সদৰি কৰে । আলাপত চছাইটিৰ আন এজন কৰ্মকর্তা প্ৰাণেশ্বৰ ৰাভাই চমু ভাষণত দীপৰ বিলৰ ৰাণী হৈ চানডুবিলৈকে অসম – মেঘালয় সীমান্তৱৰ্তী বৃহত্তৰ অঞ্চলটোত পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা লুকাই আছে বুলি ব্যক্ত কৰে । আলাপত সাংবাদিক জয়ন্ত কলিতা , অনিল দাস , ধনঞ্জয় কুমাৰ বৰ্মন , চছাইটিৰ কেবাজনো সদস্য উপস্থিত থাকে ।

P&C
You might also like