Your Voice, Our Strength

ড০ দিব্যজ্যোতি শইকীয়াক অসম সত্ৰ মহাসভাৰ “সমন্বিত যুৱ তীৰ্থ”ৰ মুখ্য উপদেষ্টা দায়িত্ব অৰ্পণ।

আজিৰ খবৰ, গুৱাহাটী, ১৬ আগষ্ট : বিশিষ্ট মানৱ অধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াক আজি অসম সত্ৰ মহাসভাৰ “সমন্বিত যুৱ তীৰ্থ”ৰ মুখ্য উপদেষ্টা হিচাপে এক গুৰুদায়িত্ব অৰ্পন কৰে ।

P&C

গুৱাহাটীৰ ভৰলুমুখ কুমাৰপাৰাস্থিত ৰাজহুৱা নামঘৰত এজ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট মানৱ অধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াৰক অসম সত্ৰ মহাসভাৰ যুৱ সংগঠন “সমন্বিত যুৱ তীৰ্থ”ৰ মুখ্য উপদেষ্টা হিচাপে দায়িত্ব অৰ্পণ কৰে । উল্লেখ্য যে মানৱ দৰদী ব্যক্তি হিচাপে পৰিচিত ড০ দিব্যজ্যোতি শইকীয়াই সমন্বিত যুৱ তীৰ্থৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হিচাপে পূৰ্বতে কাৰ্য নিৰ্বাহ কৰিছিল। দীৰ্ঘ দিন ধৰি অসম সত্ৰ মহাসভাৰ যুৱ সংগঠন “সমন্বিত যুৱ তীৰ্থ”ত এজন দক্ষ আৰু সক্ৰিয় কৰ্মী অভাৱ অনুভৱ কৰি আহিছিল সমন্বিত যুৱ তীৰ্থই ।

যুৱ তীর্থক মাৰ্গ দৰ্শনেৰে আগুৱাই নিবলৈ সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানি দেৱৰ নিৰ্দেশ মৰ্মে সত্ৰ মহাসভা আৰু সমন্বিত যুৱ তীৰ্থৰ সদস্যই ৰাইজৰ উপস্থিতিত যুৱ তীৰ্থৰ প্ৰতিষ্ঠাপক সাধাৰন সম্পাদক, সত্ৰ যুৱ বন্ধু উপাধিৰে বিভূষিত সত্ৰ মহাসভাৰ আজীৱন আৰু হিতৈষী সদস্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট মানৱ অধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াক এই দায়িত্ব অৰ্পণ কৰে । উল্লেখ্য যে আমেৰিকাৰ যুক্ত ৰাষ্ট্ৰত অৱস্থিত বিশ্ব মানৱ অধিকাৰ সুৰক্ষা আয়োগ আৰু বিশ্ব সংবিধান সাংসদ সংস্থাৰ আন্তৰাষ্ট্ৰীয় সদস্য ,টিম আন্নাৰ ৰাষ্ট্ৰীয় সদস্য ডঃ দিব্যজ্যোতি শইকীয়াই প্ৰায় ষাঠিতকৈও অধিক ৰাষ্ট্ৰীয় বঁটা,প্ৰায় বিশ টা আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ লগতে ডাইনী বিৰোধী সমাজ সংস্কাৰৰ বাবে আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ পৰা দুটাকৈ সংম্মানিয় ডক্টৰেক্ট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে । সত্ৰ মহাসভাকে ধৰি অসমৰ বিভিন্ন জ্বলন্ত সমস্যাত যোগাত্মক অৱদান আগবঢ়াই যোৱা ডঃ শইকীয়াক এক গুৰুদায়িত্ব অৰ্পণ কৰিবলৈ পায় সত্ৰ মহাসভা আৰু যুৱ তীৰ্থৰ সকলো সদস্য আনন্দিত হোৱাৰ হৈছে । ডঃ শইকীয়াৰ মাৰ্গ দৰ্শনেৰে দুয়োটা অনুষ্ঠান আৰু অধিক শক্তিশালী হ’ব বুলি আশা কৰিছে মহা সভা আৰু যুৱ তীৰ্থ।

You might also like