Your Voice, Our Strength

গুৱাহাটীত অখণ্ড ভাৰত সংকল্প দিৱস উদযাপন।

আজিৰ খবৰ, ১৭ আগষ্ট : সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ কনকলতা নগৰৰ উদ্যোগত ১৪ আগষ্টত “অখণ্ড ভাৰত সংকল্প দিৱস” উদযাপন কৰা হয়। গুৱাহাটীৰ সাতগাওঁ লাচিত পুথিভঁৰালত অনুষ্ঠিত সংকল্প দিৱসৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ গুৱাহাটী মহানগৰৰ জিলা কাৰ্যনিৰ্বাহক সদস্য তথা কনকলতা নগৰ সমিতিৰ প্ৰভাৰী ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী আৰু সংগঠনটোৰ ৰাজ্যিক সভাপতি ড০ বিনীতা ভাগৱতী। কনকলতা নগৰৰ উপ-সভাপতি প্ৰফুল্ল বৰ্মনৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাৰ পূৰ্বে ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুথিভঁৰালৰ মজিয়াত অংকন কৰা অখণ্ড ভাৰতৰ প্ৰতিচ্ছবিত ৭৫গছি বন্তি প্ৰজ্বলন কৰা হয়।

P&C
You might also like