Your Voice, Our Strength

ব্যক্তিগত বাহনেৰে আন্তঃ জিলা যাতায়তত অনুমতি।

বন্ধ থাকিব অন্তজিলা ৰাজহুৱা পৰিবহণ চলাচল,আৰু কি শিথিল কৰা হল নতুন এছ অ পি।

আজিৰ খবৰ,গুৱাহাটী, ১৭ আগষ্ট : আজি পুৱা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে নতুম এছ অ পি । নতুন এছ অ পি মতে ৰাজ্যত উন্নতি ঘটিছে ক’ভিড পৰিস্থিতিৰ। ৰাজ্যজুৰি আৰু এঘণ্টা শিথিল হ’ব নৈশ সান্ধ্য আইন। সকলো জিলাতে নিশা ৭.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ সান্ধ্য আইন বলবৎ থাকিব । সন্ধিয়া ৬.০০ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়-কৰ্মক্ষেত্ৰ, হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰোম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান আদি । অন্যহাতে আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাতো শিথিলতাৰ ব্যৱস্থা কৰিছে । কামৰূপ (মহানগৰ) জিলাৰ বাদে আন জিলাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ ব্যক্তিগত যান-বাহনেৰে আন্তঃ জিলা যাতায়তত অনুমতি দিয়া হৈছে । অৱশ্যে ৰাজহুৱা পৰিবহন/যাত্ৰী পৰিবাহী বাহনেৰে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাহাল থাকিব নিষেধাজ্ঞা।

কামৰূপ (মহানগৰ) জিলাৰ পৰা অন্য জিলালৈ আৰু আন জিলাৰ পৰা কামৰূপ (মহানগৰ) জিলালৈ আহ-যাহত নিষেধাজ্ঞা বাহাল থাকিব । দৈনিক যুগ্ম-অযুগ্ম সংখ্যাৰ (Odd-Even Numbers) বাহন চলাচলৰ নিয়ম বাতিল কৰা হৈছে । মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ২০০ গৰাকী লোকে। প্ৰেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহ আদি আৱদ্ধ কক্ষত আয়োজিত বিশেষ অনুষ্ঠানত মুঠ আসন ক্ষমতাৰ ৫০ শতাংশ আসন সংখ্যাৰ লোকৰ অংশগ্ৰহণতহে অনুমতি থাকিব। অৱশ্যে দুয়ো পালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে এনে অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। বিবাহ, সকাম আদি ঘৰুৱা মাংগলিক অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ২৫ গৰাকী লোকে। অন্তিম সৎকাৰত ভাগ ল’ব পাৰিব সৰ্বাধিক ২৫ গৰাকী লোকে কামাখ্যা মন্দিৰত প্ৰতি ঘণ্টাত সৰ্বাধিক ২০ গৰাকী লোকৰ দৰ্শনত অনুমতি, কেৱল দুয়ো পালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে মুকলি থাকিব মন্দিৰ চৌহদত প্ৰৱেশৰ সুযোগ। অন্য ধৰ্মীয় স্থানত সৰ্বাধিক ১০ গৰাকী লোকৰ অংশগ্ৰহণত অনুমতি বিমান বন্দৰত দুয়ো পালি ক’ভিড প্ৰতিষেধক লোৱা বিমানযাত্ৰীয়ে পাব ক’ভিড পৰীক্ষণত ৰেহাই। অৱশ্যে লগত থাকিব লাগিব একেবাৰে শেহতীয়া ক’ভিড পৰীক্ষণৰ নিগেটিভ ৰিপোৰ্ট। ভাদ মাহ উপলক্ষে ৰাজ্যৰ নামঘৰসমূহত নামকীৰ্তনৰ বাবে নামঘৰৰ ৫০ শতাংশ সমাবেশ ক্ষমতাৰ ভক্ত-মহিলাৰ সমাবেশত অনুমতি। অৱশ্যে ক’ভিড প্ৰট’কল মানিহে ভাদ মাহৰ নামকীৰ্তনত ভাগ ল’ব পাৰিব। ক’ভিড সম্পৰ্কীয় নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি) কাইলৈ বুধবাৰ, ১৮ আগষ্ট ২০২১ৰ পুৱা ৫.০০ বজাৰ পৰা কাৰ্যকৰী হ’ব।

P&C

You might also like