
আজিৰ খবৰ,১৬ আগষ্ট : ৰক্তাক্ত হৈ পৰিছে আফগানিস্তান । কেৱল গুলি ,বেমাৰ শব্দই টচনচ কৰিছে দেশখনৰ ৰাজধানী কাবুল ।প্ৰতি মূহুৰ্ততে প্ৰাণৰ সংশয়ত ভুগিছে সাধাৰণ নাগৰিক । সাধাৰণ জনতাই এতিয়া পলায়ন কৰিছে দেশ এৰি । সুদীৰ্ঘ ২০ বছৰৰ অন্তত আফগানিস্তানত আধিপত্য বিস্তাৰ কৰিলে তালিবানে । দেওবাৰে নিশা দেশখনৰ ৰাজধানী কাবুল দখল কৰাৰ পাছত সকলো আৰক্ষী তালাচী চকীত এতিয়া কেৱল তালিবানী সন্ত্ৰাসবাদীৰে দপদপনি । সকলো সামৰিক আৰু চৰকাৰী প্ৰতিষ্ঠান জব্দ কৰিছে তালিবানে । চহৰখনত অনবৰতে টহল দি আছে তালিবানী সন্ত্ৰাসবাদীয়ে । উল্লেখ্য যে দেওবাৰে আফগানিস্তান চৰকাৰৰ পতনৰ পাছতে ৰাজধানী কাবুলত প্ৰৱেশ কৰিছিল তালিবানে । তালিবানী সন্ত্ৰাসবাদীয়ে ৰাজধানী চহৰৰ দিশে আগবাঢ়ি অহাৰ সময়তে ৰাষ্ট্ৰপতি আশ্বৰফ ঘানীয়ে আফগানিস্তান ত্যাগ কৰে ।অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈ এতিয়া কাবুলৰ ৰাজপথত টহল দিছে তালিবানী সন্ত্ৰাসবাদীয়ে ।নিজৰ আধিপত্য বিস্তাৰৰ চিন স্পষ্ট কৰি দিছে তালিবানে । একোৱেই বাদ পৰি যোৱা নাই । চৰকাৰী কাৰ্যালয় তথা মন্ত্ৰালয় আৰু ৰাষ্ট্ৰপতি ভৱনলৈ যোৱা পথত বাহনবোৰ তন্ন তন্নকৈ পৰীক্ষা কৰিছে তালিবানীয়ে ।শেহতীয়াকৈ আমেৰিকাই আফগানিস্তানৰ পৰা নিজৰ সেনা আঁতৰ কৰাৰ পাছতে ঘানীয়ে নিজৰ অসহায় অৱস্থাৰ কথা মুকলিকৈ প্ৰকাশ কৰিছিল । তেওঁ অনুভৱ কৰিব পাৰিছিল যে, আফগান সেনাই অকলে তালিবানীৰ বৰ্বৰ আক্ৰমণৰে মোকাবিলা কৰিব নোৱাৰে । তালিবানৰ এনে কাণ্ডই এতিয়া সমগ্ৰ বিশ্বকে স্তম্ভিত কৰি তুলিছে ।
