Your Voice, Our Strength

কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ আন এক আদৰণীয় পদক্ষেপ

আৰক্ষী-সেনা জোৱানলৈ থিতাতে শিকাৰু অনুজ্ঞা পত্ৰ প্ৰদান

আজিৰ খবৰ,১৮ আগষ্ট : অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞা) কার্যালয়ৰ উদ্যোগত আন এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে। ৰাইজৰ সেৱাত একনিষ্ঠভাৱে জড়িত আৰক্ষী আৰু সেনা জোৱানৰ বিভিন্ন ক্ষেত্ৰত কৰ্মস্থলৈ থিতাতে গাড়ী চালোৱাৰ শিকাৰু অনুজ্ঞা পত্ৰ প্ৰদানৰ আন এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে‌। ১৫ আগষ্টত মহানগৰীৰ কামৰূপ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মহানগৰ জিলা পৰিবহন বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসে ভাষণ প্ৰসঙ্গত স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ ইতিহাসত বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ লগতে ৰাইজৰ সেৱাত নিয়োজিত হৈ থকা আৰক্ষী আৰু সেনা জোৱানৰ ভুমিকা অতুলনীয়। দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব তথা শান্তি-সম্প্ৰতি বৰ্তাই ৰখাত আৰক্ষী-সেনা জোৱানৰ অৱদান উল্লেখনীয়। সেয়েহে স্বাধীনতা দিৱসত এইসকল যোদ্ধাক অভিনন্দন জনাই পৰিবহন বিষয়া গৌতম দাসে দেশত ক’ভিড মহামাৰীয়ে ভয়ানক সময়তো নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি তেওঁলোকে আমাক বিপদমুক্ত হৈ থাকিবলৈ সজাগ আৰু সচেতন কৰি সুৰক্ষা প্ৰদান কৰিছে। শেহতীয়াকৈ আৰক্ষী বিভাগৰ বিভিন্ন পৰ্যায়ৰ কৰ্মীয়ে নানান ভাবুকি, প্ৰলোভন নেওচি ড্ৰাগছ মাফিয়া তথা মাদ্ৰকদ্ৰব্য বিৰোধী অভিযানত জপিয়াই পৰি অসমক এখন নিচামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে। সেয়েহে এইসকল একনিষ্ঠ যোদ্ধাই দেশ আৰু ৰাজ্যবাসীৰ সুৰক্ষালৈ আগবঢ়োৱা অৱদানৰ কৃতজ্ঞতা হিচাপে যিসকলৰ অনুজ্ঞা পত্ৰ নাই তেওঁলোকক আমি থিতাতে একোখনকৈ শিকৰু অনুজ্ঞাপত্ৰ দিব বিছাৰিছো। উল্লেখ্য যে, অনুজ্ঞাপত্ৰ বাবে আবেদনকাৰীসকলে প্ৰথমে বাহন নিৰ্মাতা কোম্পানী হোণ্ডা ড্ৰাইভিং এডুকেচন চেণ্টাৰৰ সহযোগত পথ সুৰক্ষা আৰু যান-বাহন চলোৱাৰ বিধি সন্দৰ্ভত প্ৰাথমিক জ্ঞান প্ৰদানৰ এক কাৰ্যসূচী অনুষ্ঠিত হ’ব। সেই অনুসৰি ১৭ আগষ্টৰ পৰা মহানগৰীৰ বেতকুছিস্থিত জিলা পৰিবহন বিষয়া কাৰ্যালয়ত এমাহৰ বাবে প্ৰতিদিনে ১০ গৰাকী আবেদনকাৰীক যান-বাহনৰ যাৱতীয় জ্ঞান প্ৰদান কৰি থিতাতে অনুজ্ঞাপত্ৰ প্ৰদান কৰিব। ইচ্ছুক আবেদনকাৰী সকলে অনুজ্ঞাপত্ৰৰ বাবে নিজৰ নাম, ঠিকনা, বয়সৰ প্ৰমাণ পত্ৰসহ “Parivahan Sewa” portal অথবা http//sarathi.parivahan.gov.in/sarathi service ত অনলাইন যোগে আবেদন কৰিব লাগিব। তদুপৰি অনলাইন আবেদনৰ পিছত আবেদনকাৰীসকলে জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ ৪৯ নম্বৰ কাউণ্টাৰত বয়স আৰু ঠিকনাৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়ে যোৱা ২ আগষ্টৰ পৰা এইবেলি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ১৮ বছৰ উৰ্ধৰ ২৫ জনকৈ শিক্ষাৰ্থীক শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদান কৰি আহিছে। ইয়াৰ পিছতেই চিকিৎসককে ধৰি স্বাস্থ্যসেৱাৰ লগত জড়িত সকলৰ বাবে অহা ৩১ আগষ্টলৈ ১০ জনকৈ শিক্ষাৰ্থীক দৈনিক শিকাৰু চালকৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰি থকা হৈছে।

You might also like