Your Voice, Our Strength

কি হ’ব ৰান্ধনী সকলৰ ভৱিষ্যৎ? মাননি বৃদ্ধি নকৰিলে ৰাজ্যজুৰি হ’ব আন্দোলন

আজিৰ খবৰ ১৯ আগষ্ট : যি সময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰতিটো বিভাগ তথা প্ৰতিগৰাকী কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষা নিশ্চিত প্ৰদানৰ ব্যৱস্থা কৰিছে তেনেসময়তে ৰাজ্যৰ প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয় মধ্যাহ্ণ ভোজন ৰান্ধনী–সহায়িকাক প্ৰতাৰণা কৰাৰ অভিযোগ আহিছে । ২০২১ বৰ্ষৰ বৃত্তিয় বাজেটত আগন্তক সময়ত অসমৰ বিভিন্ন ক্ষেত্ৰক কেনেকৈ বিকাশ আৰু উত্তৰণৰ দিশত আগবঢ়াই নিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ সদন অধিবেশনত বিভিন্ন কাৰ্যপন্থা চৰকাৰে হাতত লোৱাৰ বিপৰীতে বিদ্যালয়ত সেৱা আগবঢ়াই অহা ৰান্ধনী–সহায়িকাসকলৰ কোনো এটা সমস্যা লাঘৱ কৰিবলৈ একো পদক্ষেপ গ্ৰহণ নকৰিলে শিক্ষা বিভাগ তথা ৰাজ্য চৰকাৰে । যাৰ বাবে ক্ষোভ উজাৰিছে ৰাজ্যৰ ১,১৮,৯৯৮গৰাকী কৰ্মৰত ৰান্ধনী–সহায়িকাই ।গুৱাহাটী প্রেছ ক্লাবত বুধবাৰে এখন সংবাদ মেলত সদৌ অসম প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয় মধ্যাহ্ণ ভোজন ৰান্ধনী–সহায়িকা সন্থাৰ সভানেত্রী সবিতা বড়োৱে কয় যে শেহতীয়া বিধানসভা অধিৱেশনত নতুন চৰকাৰে ৰান্ধনী–সহায়িকাসকলৰে কোনো সমস্যাৰ বিষয়ে আলোচনা নকৰিলে৷ বড়োৱে কয়– ‘বিগত সময়ত প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ত কর্মৰত ১,১৮,৯৯৮গৰাকী ৰান্ধনী–সহায়িকাৰ মাননি ১,৫০০ টকাৰ পৰা ৯,৬০০ টকালৈ বৃদ্ধি কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰি আহিছে যদিও ৰান্ধনী সকলৰ প্ৰতি শিক্ষা বিভাগৰো ইতিবাচক কোনো অনুকম্পা দেখা নাই । ৰান্ধনী সকলৰ মাননি বৃদ্ধিৰ লগতে ৰান্ধনী–সহায়িকাক পেন্সন আৰু চিকিৎসাৰ সুবিধা প্রদান কৰিব লাগে বুলি দাবী উত্থাপন কৰে সন্থাই । অন্যথা পর্যায়ক্ৰমে গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে । অন্যহাতে সন্থাই প্রতি সপ্তাহতে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত সিদ্ধান্ত গ্রহণ কৰি ৰান্ধনী–সহায়িকাক মাননি বৃদ্ধি কৰাৰ লগতে মধ্যাহ্ণ ভোজন আঁচনিৰ দায়িত্ব কোনো কাৰণতে বেচৰকাৰী সংস্থাক প্রদান কৰিব নোৱাৰিব বুলি সঁকিয়নি প্ৰদান কৰি প্ৰতি গৰাকী ৰান্ধনী–সহায়িকাক প্রাপ্য অধিকাৰৰ বাবে আগবাঢ়ি আহিবলৈ বড়োৱে আহ্বান জনায়৷ সন্থাৰ উপদেষ্টা তৃষ্ণা নাথ উপস্থিত থকা সংবাদমেলত ৰাজ্যৰ প্রতিগৰাকী কর্মী–সহায়িকাই আগষ্ট মাহৰ দৰমহাৰ পৰা ১০ টকাকৈ মুঠ ১১,৮৯,৯৮০ টকা মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ প্রদান কৰিব বুলি ঘোষণা কৰে৷

P&C
You might also like