Your Voice, Our Strength

ৰাজ্যিক বিজেপিৰ নতুন সমিতি :কাক কি দায়িত্ব অৰ্পণ ভবেশ কলিতাৰ

আজিৰ খবৰ, গুৱাহাটী, ১৯ আগষ্ট: অসম ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্ব পোৱাৰ পিছত বুধবাৰে ভবেশ কলিতাই ঘোষণা কৰিলে বিজেপিৰ নতুন সমিতি৷ বিজেপিৰ কাৰ্যালয়ত এই সমিতিৰ বিষয়ববীয়াৰ তালিকাখন ৰাজহুৱা কৰে সভাপতি কলিতাই ৷ এইবাৰ দলৰ মুখ্য মুখপাত্ৰৰ দায়িত্ব দিয়া হৈছে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক ।

তালিকা অনুসৰি ৰাজ্যিক বিজেপিৰ তিনি গৰাকী সাধাৰণ সম্পাদক হ’ল ক্ৰমে পল্লৱ লোচন দাস, পুলক গোহাঁই আৰু দিপ্লুৰঞ্জন শৰ্মা ৷ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা, আৰু জনতা যুৱ মৰ্চাৰ সভাপতি সিদ্ধাৰ্থ অংকুৰ বৰুৱা ৷ আনহাতে উপ-সভাপতিৰ তালিকাত স্থান পাইছে ক্ৰমে অশোক ভট্টৰায়, জয়ন্ত কুমাৰ দাস, অজয় কোঁৱৰ, তপন কুমাৰ গগৈ, ৰেখাৰানী দাসবড়ো, নৱ কুমাৰ দলে, বিজুলী কলিতা মেধী, ৰাজদ্বীপ গোৱালাই ৷ মুখপাত্ৰৰ দায়িত্ব দিয়া হৈছে পৱিত্ৰ মাৰ্ঘেৰিটা, সুভাষ দত্ত, ৰঞ্জীৱ কুমাৰ শৰ্মা, ৰূপম গোস্বামী, জানকী খাউন্ড, লক্ষ্য কোঁৱৰ, মানস ডেকা, ৰাম কৃষ্ণ ঘোষ আৰু পংকজ বৰবৰাক ৷

P&C

You might also like