
মাদ্ৰাছা টেট উত্তীৰ্ণই কোনো কাৰণতে নাপাই শিক্ষকৰ চাকৰি….
আজিৰ খবৰ,২০ আগষ্ট: ৰাজ্যত শিক্ষকৰ চাকৰি লাভ কৰিবলৈ সাধাৰন টেট উত্তীৰ্ণ হ’ব লাগিব ।মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে কোনো কাৰণতে নাপাই শিক্ষকৰ চাকৰি। সাধাৰণ টেট পৰীক্ষাত উত্তীৰ্ণ হ’লেহে লাভ কৰিব শিক্ষকৰ চাকৰি। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শুকুৰবাৰে এই কথা স্পষ্ট কৰে । ইফালে ৰাজ্য চৰকাৰৰ ১ লাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতিৰ আজি প্ৰথম খোজ পেলাই শিক্ষা বিভাগে । আজিৰ দিনটোত ৰাজ্যৰ শিক্ষা বিভাগে অনুকম্পামূলক ভাবে নিযুক্তি দিয়ে ৭৬৭ জন শিক্ষক-কৰ্মচাৰীক। মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে প্ৰাৰ্থীসকলক প্ৰদান কৰিব নিযুক্তি পত্ৰ। তাৎপৰ্য যে একাংশ মহাবিদ্যালত স্নাতক পৰ্যায়ত নামভৰ্তিৰ ক্ষেত্ৰত বৰ্ণবাদৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে । প্ৰায় ১১খন মহাবিদ্যালৰ বিৰুদ্ধে এই অভিযোগ। এতিয়া সেই মহাবিদ্যালয় সমূহক বৰ্ণবাদৰ আশ্ৰয় নলবলৈ নিৰ্দেশ দিছে শিক্ষামন্ত্ৰীয়ে।