Your Voice, Our Strength

১২ বছৰ ঊর্ধ্বৰ কিশোৰ কিশোৰীক প্রদান কৰিবলৈ জাইক’ভ–ডি’ ভেকচিনৰ অনুমোদন।

আজিৰ খবৰ,২১ আগষ্ট : এইবাৰ দেশত কিশোৰ–কিশোৰীক প্রদান কৰা হ’ব ক’ভিড–১৯ ভেকচিন৷ প্রখ্যাত কোম্পানী জাইডাছ কেডিলাৰ ক’ভিড ভেকচিন ‘জাইক’ভ–ডি’ জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনাইছে ড্রাগ্ছ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই৷ ১২ বছৰ ঊর্ধ্বৰ কিশোৰক প্রদান কৰিবলগীয়া এই ক’ভিড ভেকচিন পৃথিৱীৰ ভিতৰতেই প্রথমটো বেজীবিহীন ভেকচিন৷ তিনি পালিৰ জাইক’ভ–ডি ভেকচিন ১২ বছৰ ঊর্ধ্বৰ পৰা ১৮ বছৰ বয়সলৈকে জৰুৰীকালীন ব্যৱহাৰত শুকুৰবাৰে ডি চি জি আয়ে অনুমোদন জনাইছে । উল্লেখ্য যে জাইক’ভ–ডি ভেকচিন হৈছে পৃথিৱীৰ প্রথম আৰু ভাৰতত থলুৱাভাৱে বিকশিত ডি এন এ আধাৰিত ক’ৰোনা ভাইৰাছৰ ভেকচিন৷ এই ভেকচিনটো দেশজুৰি ২৮ হাজাৰতকৈও অধিক স্বেচ্ছাসেৱকৰ দেহত পৰীক্ষণ চলোৱাত ভেকচিনটোৰ ফলপ্রসূতাৰ হাৰ ৬৬.৬ শতাংশ লাভ কৰিছে৷ কিশোৰ–কিশোৰীক জৰুৰীকালীনভাৱে ব্যৱহাৰত অনুমোদন জনোৱা জাইক’ভ–ডি ভেকচিন হৈছে ষষ্ঠটো ভেকচিন৷ ইয়াৰ পূর্বে দেশত অনুমোদন জনোৱা হৈছে ক’ভিশ্বিল্ড, ক’ভাক্সিন, স্পুটনিক–ভি, মডার্নাৰ ভেকচিন আৰু জনচন এণ্ড জনচনৰ ভেকচিন৷ তিনি পালিৰ এই ভেকচিনটোৰ পার্শ্বক্রিয়া নাই বুলি জাইডাছ গ্রুপৰ অধ্যক্ষ পংকজ আৰ পেটেলে প্রকাশ কৰিছে৷

You might also like