Your Voice, Our Strength

লোকনিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ ফেচবুক একাউণ্ট হেক , আজাৰা থানাত এজাহাৰ দাখিল।

আজিৰ খৱৰ ,গুৱাহাটী, ২১ আগষ্ট : এইবাৰ ফেচবুক হেকাৰৰ কৱলত পৰিছে অসম চৰকাৰৰ লোকনির্মাণ পথ বিভাগৰ এজন অভিযন্তা । অভিযন্তা জন হল পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা আৰু গুৱাহাটীৰ আজাৰা থানাৰ অন্তৰ্গত ধাৰাপুৰ নিবাসী কুশল কাকতি । অভিযন্তা কুশল কাকতিয়ে ১৯ আগষ্টত আজাৰা থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা অনুসৰি তেওঁৰ ফেচবুক একাউণ্ট কোনো দুষ্ট চক্ৰই হেক কৰি তেওঁৰ ফটো ব্যৱহাৰ কৰি প্রথমতে এটা ভুৱা একাউণ্ট খোলে । তাৰ পাছত সেই একাউণ্টৰ জৰিয়তে তেওঁৰ ধনৰ প্ৰয়োজন হোৱা বুলি আপডেট দিয়ে । কোনো বন্ধুৰ দ্বাৰা অৱগত হোৱাৰ সময়ত পাছতেই ১৯ আগষ্টত একাউণ্ট হোৱা আৰু দোষীক বিচাৰি উলিয়াই আইনগতভাৱে শাস্তি দিবলৈ আৰক্ষীক আহ্বান জনাইছে ।

P&C
You might also like