
ধাৰাবাহিক পত্ৰোপন্যাসঃ ৬ “ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত০০০০”
“ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত০০০০”
– অৰুণাভ
— ষষ্ঠ খণ্ড —-

নীলা,
সাৰে আছা ? মই সাৰে আছো ৷ একুৰি বসন্তৰ বিষাদে মোক সাৰে ৰাখিছে ৷ তোমাৰ বিষাদ নাই ? অৱসাদত শুই পৰিছা ? সৌ আকাশখনলৈ চাইছো খিৰিকীৰে৷ আমাৰ আকাশখন, তোমাৰ মোৰ আকাশখন বিচাৰিছো ৷ বিষাদৰ ডাৱৰ নথকা আকাশখন০০ তোমাৰ মোৰ অনুৰণনত আন্দোলিত আকাশখন০০ !! তুমিয়েইটো আকাশৰ কথা কৈছিলা ? আকাশখনত আমাক বিচাৰিছিলা ? নিশাৰ আকাশখনলৈ চাই চাই বিভোৰ হোৱাৰ বিলাসত মোক বুৰাইছিলা ?
তুমি কৈছিলা, “ লিখিবচোন এই আকাশখনৰ কথা ০০ আপুনি মই চাই আছো, কিবা এটা বিচাৰি ০০লিখিবচোন, আকাশলৈ চাই এই যে মই হেৰাইছো আপোনাৰ মাজত ০০ কুৰুকি কুৰুকি সোমাই পৰিছো আপোনাৰ দুবাহুত ০০৷ ”
তোমাৰ হেপাঁহক সাৱটিয়েই মই কথা দিছিলো ৷ লিখিম বুলি আবেগৰ ঢৌবোৰৰ আন্দোলিত আকাশৰ কথা ৷ প্ৰেমত পৰিছিলো নীলা আকাশখনৰ, বুকুত এচপৰাও মেঘ নথকা! তোমাৰ ভিজা চুলিত দুলি থকা গোন্ধৰ দৰেই কিবা এটা সিঁচৰতি হৈ থকা আকাশ০০ কেৱল মাথো নীলা ০০ নীলাভ অসীম, শাওনৰ শইচৰ পথাৰ জীপাল কৰা অভিমানী আকাশ ০০ ঠিক তোমাৰ দৰেই ! দুচকুৰ লোতকেৰে দুগাল তিয়াই সম্ভাৱনাৰে জীপাল কৰিছিলা মোৰ অনুভৱৰ এহালিচা পথাৰ ! আৰু সন্ধিয়াৰ তৰা, মেঘৰ বাগিচাখন ? বাৰাণ্ডাৰ আৰামী বেঞ্চখনত আমি যে পদুলিৰ আঁহতৰ পাতৰ ফাঁকে ফাঁকে গণিছিলো —— এক, দুই , তিনি ০০০ দুষ্ট মেঘৰ চপৰা এটাই তৰাবোৰ আমাৰ দুচকুৰ পৰা আঁৰ কৰিছিল ০০০ আকৌ উশাহ নিশাহবোৰৰ ছন্দে ছন্দে এক, দুই, তিনি ০০০ হাতীপটি এটাত আমি হেৰাই গৈছিলো, কিবা এটা বিচাৰি!
তোমাৰ হেঁপাহৰ আকাশখন চোলাৰ জেপত লৈ ঘূৰি ফুৰিছো ৷ কেতিয়াবা নদী, কেতিয়াবা পাহাৰ, কেতিয়াবা সপোন, কেতিয়াবা বিষাদ, কেতিয়াবা পোহৰ কেতিয়াবা এন্ধাৰ ০০০ আৰু আহৰি পালেই চিলা এখনৰ দৰে অসীমত হেৰাই নোযোৱাকৈ উৰুৱাইছো ০০ এৰি দিছো নীলাবোৰ চুমিবলৈ ০০ !
সন্ধিয়া তৰা মেঘৰ ছাঁ পোহৰৰ লুকা ভাকু খেলা অভিমানী নীলা আকাশখনলৈ ৰং বিৰঙৰ চিলাৰ সমদল এটা এৰি দিছিলো ০০ আৰু দীঘলীয়া সমদলত হেৰাইছো০০ সেই সন্ধিয়াবোৰৰ দৰেই ০০ তোমাৰ চকুলোৰে সিক্ত তপত উশাহ নিশাহবোৰক বুকুত বৈভৱ হ’বলৈ এৰি দিয়াৰ দৰেই ০০ !
আকাশখনলৈ আজিও চাইছো০০ হাতীপটি এটাত তোমাক মোক আমাক আকৌ হেৰুৱাবলৈ ০০! তুমি ? আকাশলৈ চোৱানে আজিও জুমি ? চাদৰৰ আঁচলত বান্ধি লৈ ফুৰিছা নেকি আমাৰ আকাশ ? পুৱাৰ আকাশ, ধুলিয়ৰী পদুলি, তোমাৰ দুভৰিৰ স্পৰ্শত উন্মনা হোৱা সেমেকা দুৱৰিত ব্যস্ততাৰ আঁচল এৰি খহি পৰিছে নেকি তোমাৰ মোৰ
আকাশখন ভাগৰি ? ৰান্ধনীশাল, তাঁতশাল, ঢেকীশালত, দুপৰীয়াৰ পাছ চোতালৰ বকুল তলত, বিয়লি – সন্ধিয়াৰ চোতাল – চুবুৰীত তোমাৰ হাঁহিৰ খলকনিত কঁপিছে নেকি আকাশখনো ঢৌ খেলি ?
মইও লিখিছো অৱকাশ পালেই আমাৰ অৱগুণ্ঠিত আকাশৰ গদ্য ০০ আওঁৰাইছো আমাৰ হৃদয়ত প্ৰতিধ্বনিত স্মৃতিৰ পদ্য ০০ আঁকিছো অনুৰণনত আন্দোলিত জীৱনৰ অপৰূপ ছন্দ ০০ অৱসাদ- বিষাদৰ মেটমৰা ভাৰ বৈ স্মৃতিৰ চনপৰা পথাৰ উৰ্বৰা হ’লেই খিৰিকী খুলি আকাশলৈ চাওঁ ০০ চোৱানে তুমিওঁ ? বাৰাণ্ডাত এৰি অহা আকাশ, তৰা, মেঘ, মেঘৰ মাদল, হাতীপটি, জোনাক ? ক’ত এৰি গ’লা ? বন্ধ বাকচ, বন্ধ লেফাফাৰ মাৰফতত এৰি থৈ ? তোমাৰ বাবে গুঠিছিলো সেই যে শব্দ বৰ্ণৰ মালা ? সকলোবোৰ কাৰ মাৰফতত দি গ’লা ?
দোপাট্টাখন ক’ত এৰি গ’লা ? চঞ্চলা চপলা তোমাৰ লগে লগে ঢৌ খেলি ফুৰা দোপাট্টাখনৰ দৰে
আকাশখনো চঞ্চল হৈ পৰিছিল ! দোপাট্টাখন য’লৈকে গৈছিল আকাশখনো গৈছিল০০ জোনাকী পৰুৱাৰ জাক এটাই ওৰেটো নিশা আমাৰ আকাশ পোহৰাইছিল ০০ তুমি মই এনথ্ৰাক্স হৈ সোমাই পৰিছিলো আমাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে ০০!
ঐ০০০ সাৰ পাইছা ? চোৱাছোন খিৰিকী খুলি ! তৰাবোৰ, মেঘবোৰৰ স’তে তোমাৰ আকাশ নীলা দোপাট্টাখনে কেনেকৈ ঢৌ খেলিছে! তৰা এটাক মোৰ পৰা আঁৰ কৰিছে ! এক, দুই, তিনি ০০ ৰৈ গৈছো হঠাতে ৷ আঁতৰাই দিয়ানা দোপাট্টাখন, হেৰাই যাওঁ তৰাবোৰ গণি গণি তোমাৰ স’তে ০০ !!
( বিঃদ্ৰঃ আজি বিয়লি তোমাৰ আকাশ নীলা দোপাট্টাখন মোৰ পদুলিৰ সিটো পাৰৰ শাওনৰ পথাৰত উৰিছিল ৷ বনৰীয়া চৰাইৰ জাকটোৰ স’তে উৰি উৰি চিলা এখন হৈ নদীৰ বুকুত উমলিছিল! আৰু পানী যুঁৱলিত ঈৰ্ষৎ হালধীয়া হেঁপাহেৰে সূৰ্য্যটো সাৱটি এন্ধাৰত লুকাই পৰিছিল ! আহিবাচোন এনেকৈ এদিন, সূৰ্য্যাস্তৰ সন্ধানৰ আচিলাৰে সুখৰ সময় সাৱটিম ০০ আৰু কোনোবা অচিন ঘাটত প্ৰেমৰ পাৰিজাত হৈ ফুলিম!! )