
৫৫ বছৰীয়া কংগ্ৰেছৰ শাসন কালত উত্তৰ পূৰ্বাঞ্চলৰ কোনো উন্নয়ন নহ’ল – সৰ্বানন্দ সোনোৱাল
আজিৰ খবৰ,২৩ আগষ্ট : “দেশত আমুল পৰিৱৰ্তনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো চেষ্টাৰ ত্ৰুটি কৰা নাই। ভাৰতবৰ্ষখন বিশ্বৰ বুকুত শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ নিমিত্তে কাম কৰি গৈছে। এই ক্ষেত্ৰত তেওঁ অধিক সফল হ’বলৈ বৃহত্তৰ অসমীয়া জাতি তথা গুৰুজনাৰ আশীৰ্বাদ বিচাৰিছে।”- এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নৱ নিযুক্ত কেন্দ্ৰীয় বন্দৰ, জাহাজ, আয়ুস আদি বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ। আজি নগাঁও সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰা ‘জন আশীৰ্বাদ যাত্ৰা’ৰ অন্তিমটো কাৰ্যসূচীত অংশগ্ৰহণ কৰি সোনোৱালে লগতে কয়, বিগত ৫৫ বছৰীয়া কংগ্ৰেছৰ শাসন কালত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কোনো উন্নয়ন নহ’ল।’ এই অঞ্চলৰ ৰাইজক কংগ্ৰেছে প্ৰতাৰণা কৰি গল বুলি উল্লেখ কৰি সোনোৱালে কয়, কংগ্ৰেছৰ দিনত অসমৰ ৰাইজে শিক্ষা, স্বাস্থ্য, যাতায়ত আদি কোনো দিশতে অসমৰ ৰাইজে উন্নয়ন নেদেখিলে। ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাত বছৰীয়া কাৰ্যকালত ভাৰতবাসীৰ চকুত লগাকৈ কাম কৰিবলৈ সক্ষম হৈছে। যাৰ বাবে বিশেষকৈ উঠি অহা প্ৰজন্মই বহু কাম কৰাৰ সুবিধা পালে। এই গৰাকী প্ৰধানমন্ত্ৰী থাকিলে দেশত শান্তি-সমন্বয় অব্যাহত থাকিব বুলি সোনোৱালে ভাষণ প্ৰসংগত মন্তব্য কৰে। এইগৰাকী প্ৰধানমন্ত্ৰীক অসমৰ ৰাইজক আশীৰ্বাদ দিব লাগে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, এইগৰাকী প্ৰধানমন্ত্ৰী থাকিলে ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ ৰাইজে নিজৰ নিজৰ স্বাভিমান লৈ জীয়াই থাকিবলৈ সক্ষম হ’ব। নগাঁৱৰ বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মাই আঁত ধৰা সভাখনত দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই নিজৰ চমু ভাষণত কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষই ৰাষ্ট্ৰ গুৰুৰ আসন দখল কৰিবলৈ সক্ষম হ’ব। তেওঁ সৰ্বানন্দ সোনোৱাল প্ৰসংগত কয় যে- বিগত দুটা দিনত নৱ নিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক যিদৰে অভূতপূৰ্ব আশীৰ্বাদ প্ৰদান কৰিলে, তাৰ বাবে সকলোৱে ধন্যবাদৰ পাত্ৰ। উক্ত সভাতে শ্ৰীমন্ত শংকৰ সংঘৰ কেন্দ্ৰীয় সমিতি আৰু নগাঁও জিলা সমিতি, এক শৰণ ভাগৱতী সমাজ, নগাঁও জিলা সাহিত্য সভা, নগাঁও নাট্য সমিতি, নগাঁও বেঙলী সন্মিলনী, নগাঁও গুৰুদ্বাৰ প্ৰবন্ধক সমিতি আৰু শিখ সমাজ, নগাঁও নাট্য চ’ৰা, গৰিয়া মৰিয়া দেশীয় জাতীয় পৰিষদ, নগাঁও মাৰোৱাৰী সন্মিলনী, নগাঁও মাৰোৱাৰী যুৱ মঞ্চ, হয়বৰগাঁও ব্যৱসায়ী সন্থা, নগাঁও ক্ৰীড়া সন্থা, নগাঁও জিলা সুত সন্মিলন, কোঁচ ৰাজবংশী উন্নয়ন পৰিষদ, তিৱা ছাত্ৰ সন্থা, নেপালী সাহিত্য সভা, গুৰুকুল গ্লবেল একাডেমী, সেউজ নগাঁও, অখিল অসম ভোজপুৰী সন্মিলন, ভোজপুৰী জাতীয় সন্মিলন, অম্লান গোষ্ঠী, সংগীন সংঘ, নগাঁও জিলা যোগ সন্থা, নগাঁও জিলা নাথ যোগী সন্মিলন, নগাঁও লায়ন্স ক্লাৱ, নগাঁও ৰটাৰী ক্লাৱ, অসম গণ পৰিষদ, অগপৰ মহিলা মৰ্চা, ভাৰতীয় জনতা পাৰ্টিকে আদি ধৰি বহু কেইটা সংগঠনে সৰ্বানন্দ সোনোৱালক গামোচা, শৰাই আদিৰে উস্ম আদৰণি জনায়। এই অনুষ্ঠানটো আঁত ধৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। কেবা শতাধিক ৰাইজ উপস্থিত থকা সভাখনত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী,বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, প্ৰাক্তন ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই, ৰাজ্যৰ জল সম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা, ৰাজ্য সভাৰ সদস্য কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ক্ৰমে ৰূপক শৰ্মা, জিতু গোস্বামী, ৰামকৃঞ্চ ঘোষ, বিজেপিৰ নগাঁও জিলাৰ সভাপতি অভিজিত কুমাৰ নাথকে আদি কৰি দলৰ বহু কেইগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে।