Your Voice, Our Strength

পুনৰ নৰৱলি কাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্য।

সোণাৰিত ডিঙি কটা অৱস্থাত উদ্ধাৰ শিশু।

আজিৰ খবৰ,২৪ আগষ্ট : পুনৰ নৰৱলি কাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্য । কেইদিনমানৰ পূৰ্বে চৰাইদেউ জিলাৰে সোণাৰিৰ চফ্ৰাইত সংঘটিত হৈছিল এই অনুৰূপ ঘটনা। এসপ্তাহৰ পূৰ্বে সংঘটিত কৰা নৰবলি কাণ্ডৰ ৰহস্যৰ মাৰ নৌযাওঁতেই পুনৰ সংঘটিত হৈছে সেই একেই অনৰূপ ঘটনা ৷ ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছে এটি কন্যা শিশুৰ মৃতদেহ ৷ মৃতদেহৰ কাষত উদ্ধাৰ হৈছে পূজাৰ সামগ্ৰী ৷ সোণাৰিৰ টিঙালিবাম চাহ বাগিচাত সংঘটিত হৈছে এই নাৰকীয় ঘটনা ৷ নৃশংস হত্যাৰ বলি হ’ল এগৰাকী প্ৰথম শ্ৰেণীৰ ছাত্ৰী ৷ হত্যাকাণ্ডৰ বলি হোৱা শিশুটিৰ নাম আলিয়া তাঁতী ৷ আলিয়া টিঙালীবাম চাহ বাগিচাৰ ১৩ নম্বৰ লাইনৰ বাসিন্দা মংলু তাঁতী আৰু তিলেশ্বৰী তাঁতীৰ কন্যা বুলি জানিব পৰা গৈছে । জানিব পৰা মতে সোমবাৰে দুপৰীয়া সমনীয়াৰ সৈতে খৰি আনিবলৈ যোৱা পাছৰে পৰা নিৰুদ্দেশ হৈ আছিল আলিয়া তাঁতী ৷ বহু বিচাৰ খোচাৰৰ অন্তত চাহ বাগিচাৰ মাজৰ পৰা উদ্ধাৰ হয় আলিয়া তাঁতীৰ ক্ষত-বিক্ষত মৃতদেহ ৷ মৃতদেহটোৰ ডিঙিত থকা চোকা অস্ত্ৰৰ আঘাতলৈ চাই অন্ধ বিশ্বাসৰ বশৱৰ্তী হৈ কোনোৱে হত্যা কৰাৰ সন্দেহ কৰিছে শিশুটিৰ পৰিয়ালৰ লগতে স্থানীয় লোকে ৷ অন্যহাতে

চাহ বাগিচা অঞ্চলত অব্যাহত থকা অন্ধবিশ্বাসৰ বশৱৰ্তী হৈয়েই কোনো ধৰ্মান্ধ লোকে শিশুটিক বলি দিয়াৰ সন্দেহ কৰিছে একাংশ লোকে ৷ ইতিমধ্যে সমগ্ৰ ঘটনাক লৈ সোনাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ৷

 

P&C
You might also like