বহ্নিমান আবেগৰ সিটো পাৰে মোৰ আকাশ, পঞ্চম খণ্ড
বহ্নিমান আবেগৰ সিটো পাৰে মোৰ আকাশ
লেখিকা : ধৃতিস্মিতা দাস
লগে লগে ব্যস্থ আছো বুলি কৈয়ে ফোনটো কাটি দিলে মিছ পৰাশৰে।আকৌ স্কুটীখন ষ্টাৰ্ট দি ঘৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলে।কিন্তু ভাৱবোৰে লগ এৰা নাছিল।”কিয় বাৰু তেওঁ মোলৈ ফোন কৰিছে?”যোৱা দুদিন ধৰি স্কুলত তেওঁৰ লগত থকা তেওঁৰ বৈবাহিক জীৱনৰ চিনটো দেখিও,সকলো কথা স্পষ্টকৈ জানিছো বুলি দেখিও মোক লৈ তেওঁৰ কিয় ইমান উৎকণ্ঠা!কি জানিব বিচাৰিছে তেওঁ!নে মোক কিবা জনাব বিচাৰিছে!কিন্তু কিয়,ইমান বছৰ পিছত এনে আচৰণ কিয়!এই সকলোবোৰ কথা ভাবি ভাবি আহি কেতিয়া ঘৰ পালে,গম’কে নাপালে অথচ উত্তৰো বিচাৰি নাপালে।মাথো হৃদয়ৰ কোনোবা এটা কোণত সামান্য বিষ হোৱা যেন অনুভৱ কৰিলে।ৰাতিৰ ভাতকেইটা কেনেবাকৈ নাকে-কাণে গুজি শুবলৈ অশেষ চেষ্টা কৰিও ব্যৰ্থ হ’ল লীনা।বাৰে বাৰে কাণত বাজি উঠিছে সেই অচিনাকি পুৰুষকণ্ঠ।সঁচাই বাৰু লীনাৰ বাবে অচিনাকিয়েই আছিল নে সেই কণ্ঠস্বৰ?ফোনটো তুলি এইবাৰ ফোন লগাইছে বিক্ৰমক।নাই,কোনো ৰেচপঞ্চ নাই।পুলিচ বিষয়া,কামৰ দিন-ৰাতি বুলি কথা নাথাকে।তাতে আকৌ বিক্ৰম খুব নীতি-নিয়মত চলা মানুহ।ডিউটী আৱাৰত পাৰ্চনেল কাম নকৰে।
ৰাতি ইতিমধ্যে ২টা বাজি গৈছে।অৱশেষত কিতাপ এখনকে উলিয়াই চাই চাই ৰাতিটোত পাৰ কৰিলে লীনাই।
পিছদিনা ৰাতিপুৱা খুব সোনকালে স্কুললৈ গ’ল,যাতে যোৱা দুদিনৰ দৰে ঘটনাৰ পুণৰাবৃত্তি নহয়।
কিন্তু এয়া কি!স্কুল ছুটীৰ পিছত লীনাৰ স্কুটীৰ সন্মুখত ৰৈ আছে মি পৰাশৰ।দূৰৰ পৰাই দেখি যাওঁ নাযাওঁকৈ আগবাঢ়ি গৈ,ওচৰত কোন আছে নেদেখাৰ ভাওঁ জুৰি স্কুটী ষ্টাৰ্ট দিব লওঁতেই মিষ্টাৰ পৰাশৰে মাত লগালে,-
: মই তোমাৰ কাষতেই আছো লীনা,অথচ মাত এষাৰ নিদিয়া?
লীনাই লগে লগে কৈ উঠিল,-
: আপোনাৰ অফিচ-পাতি নাই নেকি আজিকালি?চাওঁ মোৰ বাট এৰা।
: আজি ছেকেণ্ড চেটাৰ্দে। লীনা।
: ছো’?এজন বিবাহিত পুৰুষ হৈ এনেদৰে বাৰে বাৰে মোক ফোন কৰা,মাত দিয়াৰ অৰ্থ কি মিষ্টাৰ পৰাশৰ?
: চোৱা লীনা,কথাবোৰ তুমি ভবাতকৈ অলপ বেলেগ।
: এই কণমানি জানো আপোনাৰ তেজ নহয়?
: হয়।
: তেনেহ’লে আৰু বিশেষ কি বুজাব বিচাৰিছে আপুনি?চাওঁ,মোৰ বাট এৰক।
পিছদিনা ৰাতিপুৱাই কলিংবেলটো বাজি উঠিল।ৰবিবাৰে লীনাই দেৰিলৈ শুৱে,কোনোবাই জগাব খুজিলেও খং কৰে।গতিকে মাকে গৈ দৰ্জাখন খুলি দিলে।সন্মুখত ভাবি জোৱাই বিক্ৰম।
: বাবা তুমি,আহা আহা।ইমানদিনৰ মূৰত আহিলা,কোনো খা-খবৰ নিদিয়াকৈ।ঘৰত ভালনে?
(আগলৈ)