Your Voice, Our Strength

দৰিদ্ৰ মহিলাৰ মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই হ”বনে ?

ক্ষুদ্র বিত্তীয় প্রতিষ্ঠান আৰু বেংকৰ সৈতে কি চুক্তি স্বাক্ষৰ কৰিলে ৰাজ্য চৰকাৰে?

আজিৰ খবৰ, গুৱাহাটী, ২৫ আগষ্ট: মাইক্রফাইনেন্স প্রতিষ্ঠান (এম এফ আই)ৰ ঋণ গ্রহণ কৰি এই ঋণ উভতাই দিব নােৱাৰা দৰিদ্র মহিলাসকলক সকাহ প্রদানৰ উদ্দেশ্যে প্রস্তুত কৰা অসম মাইক্র’ ফাইনেন্স ইনচেনটিভ এণ্ড ৰিলিফ আঁচনি-২০২১’ৰ ৰূপায়ণৰ বাবে আজি অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি ৰাজ্য চৰকাৰৰ বিত্ত বিভাগ আৰু মাইক্রফাইনেন্স প্রতিষ্ঠানৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। সৰ্বমুঠ ৩৮ টা ক্ষুদ্র বিত্তীয় প্রতিষ্ঠান আৰু বেংকৰ সৈতে ৰাজ্য চৰকাৰৰ হােৱা এই বুজাবুজিৰ চুক্তিখন ২০২৩ চনৰ ৩১ মার্চ পর্যন্ত কার্যকৰী হৈ থাকিব। আয়ােজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে যিসকল দৰিদ্ৰ মহিলাই ক্ষুদ্র বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ গ্রহণ কৰি সেই ঋণ পৰিশােধ কৰিব পৰা নাছিল সেইসকল মহিলাক ঋণ ৰেহাই দিয়াৰ বাবে নির্বাচনৰ পূর্বে দিয়া প্রতিশ্রুতি পূৰণৰ বাবে ৰাজ্য চৰকাৰৰ প্রথম কেবিনেট বৈঠকতে গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্রী অশােক সিংহলৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰি দিয়া হৈছিল। তেওঁ কয় যে নিম্ন উপার্জনকাৰী আৰু দৰিদ্ৰ পৰিয়ালসমূহে ক্ষুদ্র বিত্তীয় প্রতিষ্ঠানৰ ঋণ গ্রহণ কৰি নিজৰ অর্থনৈতিক কাম কাজ চলাই নিব পাৰে তথা তেনে লােকক ঋণ প্রদান কৰা বিত্তীয় প্রতিষ্ঠানসমূহেও ঋণ উভতাই পােৱাৰ ক্ষেত্ৰত কোনাে সমস্যাৰ সন্মুখীন হ’ব লগা নহয় সেই দিশত সন্তলন বর্তাই ৰখাৰ উদ্দেশ্যৰে এই আঁচনিখন প্রস্তুত কৰা হৈছে। ৰাজ্যখনত ২০২১ চনৰ জুন মাহ পর্যন্ত ১৪ লাখ লােকে মাইক্রফাইনেন্সৰ ঋণ গ্রহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় এই আঁচনিখন ৰূপায়ণত প্রায় ১২ হাজাৰ কোটি টকা ব্যয় হ’ব আৰু ইয়াৰে ৭ হাজাৰ ২০০ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিখনৰ জৰিয়তে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ বিধি তথা উদ্যোগীক খণ্ডৰ বাবে থকা নীতি-নিদের্শনা মানি চলি কার্যসম্পদান কৰা বিত্তীয় প্রতিষ্ঠানক এই ঋণ পৰিশােধ কৰা হ’ব। তেওঁ লগতে কয় যে ঋণ গ্রহণকাৰীসকলে যাতে সময় মতে বেংকৰ ঋণ পৰিশােধ কৰাৰ এক মানসিকতা সূচনা হয় সেই দিশতাে গুৰুত্ব প্রদান কৰা হৈছে। বুজাবুজিৰ চুক্তিৰ সবিশেষ সদৰি কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে সর্বাধিক তিনিটাকৈ ক্ষুদ্র বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ গ্রহণ কৰা তথা সর্বোচ্চ ১.২৫ লাখ টকালৈকে ঋণ লােৱা দৰিদ্র মহিলাসকলক এই আঁচনিখনৰ জৰিয়তে ৰাজ্য চৰকাৰে সকাহ প্রদান কৰিব। এই আঁচনিৰ সুবিধা গ্রহণ কৰিবলৈ সংশ্লিষ্ট ঋণ গ্রহণ কৰােতা জনে নির্দেশাৱলীত উল্লেখ থকা যােগ্যত অথবা অযােগ্যতাৰ চৰ্তসমূহ পূৰণ কৰিব লাগিব। লগতে কয় যে যিসকল ঋণ লওঁতাই নিয়মীয়াকৈ ঋণ পৰিশােধ কৰি আছে সেই সকলক এককালীনভাৱে সর্বাধিক ২৫ হাজাৰ টকাৰ উদগণিমূলক ধনৰাশি প্ৰদান কৰা হ’ব। ঠিক একেদৰে যিসকল ঋণ গ্রহণ কৰোঁতাৰ বিত্তীয় প্রতিষ্ঠানক দিবলগীয়া ধন বহু পৰিমাণে বাকী আছে, কিন্তু তেওঁলােকৰ এই একাউন্ট এন পি এ হােৱা নাই সেইসকল ঋণ গ্রহণ কৰোঁতাই বিত্তীয় প্রতিষ্ঠানক আদায় দিবলগীয়া অতিৰিক্ত ধন ৰাশি ৰাজ্য চৰকাৰে পৰিশােধ কৰিব। তেওঁ লগতে কয় যে এনে সকলাে ঋণ গ্রহণ কৰােতাই যাতে সময় মতে কিস্তি পৰিশােধ কৰে তাৰ বাবে উৎসাহিত কৰা হ’ব যাতে তেওঁলােকৰ বেংক একাউন্ট সঠিক ৰূপত পৰিচালিত হৈ থাকে আৰু ঋণ প্রদান প্রক্রিয়াটো অব্যাহত থাকে। এনে ঋণ গ্রহণ কৰােতাসকলক এক শৃংখলাবদ্ধ প্রক্রিয়াৰ মাজলৈ আনিবলৈ তথা ঋণৰ উচিত ব্যৱহাৰেৰে আগুৱাই যাবলৈ সর্বাধিক ২৫ হাজাৰ টকাৰ অথবা পৰিশােধ কৰিবলৈ বাকী থকা ধন ৰাশিৰ ভিতৰত যিটোৰ পৰিমাণ কম হ’ব সেই ধনৰাশি উদগণিমূলকভাৱে প্ৰদান কৰা হ’ব। আনহাতে যিসকল ঋণ গ্রস্তৰ একাউন্টসমূহ এন পি এ হিচাপে চিহ্নিত হৈছে তেওঁলােকে ঋণ গ্রহণ কৰােতাৰ পৰা প্ৰমাণিকৃত নথি-পত্ৰৰে ঋণ ৰেহাইৰ সুবিধা লাভ কৰিবলৈ আৱেদন কৰিব লাগিব। চৰকাৰে বিতং পর্যালােচনাৰ ভিত্তিত তেনে লােকক সম্পূর্ণ অথবা আংশিক সকাহৰ বিষয়টো বিবেচনা কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত বহু লােকে ব্যক্তি বিশেষৰ পৰা বহু উচ্চ হাৰত ঋণ লৈ মানসিক চাপত দিন কটাবলগীয়া হৈছে। এই পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ক্ষুদ্ৰ বিত্তীয় প্রতিষ্ঠান অথবা বেংকৰ পৰা ঋণগ্রহণ কৰা প্ৰক্ৰিয়াটোক অধিক উৎসাহিত কৰিব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি-নিয়ম সঠিকভাৱে মানি চলি ভৱিষ্যতে ঋণ প্রদান কৰিবলৈও মুখ্যমন্ত্ৰীয়ে ক্ষুদ্র বিত্তীয় প্রতিষ্ঠান আৰু বেংকসমূহক আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে ঋণ গ্রহণকাৰী লােকসকলকো তেওঁলােকে লােৱা ঋণৰ সঠিক ব্যৱহাৰৰ বাবেও আহ্বান জনায়। আজি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা ক্ষুদ্র বিত্তীয় আৰু বেংক প্রতিষ্ঠানসমূহ হৈছে মাইক্রফাইনেন্স ইনষ্টিটিউশ্যনচ নেটৱৰ্ক, নর্থ ইষ্ট স্মল ফাইনেন্স বেংক, এছ’চিয়েশ্যন অৱ স্মল ফাইনেন্স বেংক অৱ ইণ্ডিয়া, নাইটিঙ্গেল ফিনভেষ্ট প্রাইভেট লিমিটেড, গ্রামীণ ডেভলপমেন্ট এণ্ড ফাইনেন্স লিমিটেড, নর্থ ইষ্ট মাইক্রফাইনেন্স এছচিয়েশন, বন্ধন বেংক লিমিটেড, আৰােহণ ফাইনেন্সিয়েল চার্ভিছেজ লিমিটেড, এইচ ডি এফ চি বেংক লিমিটেড, ফিউজন ফাইক্রফাইনেন্স প্রাইভেট লিমিটেড, এল এন টি ফাইনেন্সিয়েল লিমিটেড আৰু আশীর্বাদ মাইক্র’ ফাইনেন্স লিমিটেড । বুজা বুজিৰ চুক্তি স্বাক্ষৰিত কৰাৰ সময়ত বিত্ত মন্ত্রী অজন্তা নেওগ, কৃষি মন্ত্রী অতুল বৰা, শিক্ষা মন্ত্রী ডাঃ ৰনােজ পেগু, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্রী অশােক সিংহল, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্রেণী কল্যাণ বিভাগৰ মন্ত্রী ইউ জি ব্ৰহ্ম আৰু মুখ্য সচিব জিষ্ণু বৰুৱা উপস্থিত থাকে।

P&C
You might also like