Your Voice, Our Strength

ভেণ্টিলেটৰত মৃত্যুৰ সৈতে যুঁজিছে নন্দিতাই ।

ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আহ্বান পিতৃৰ।

আজিৰ খবৰ,২৫ আগষ্ট : মোৰ ছোৱালী বর্তমান ঠিকেই আছে৷সকলোৰে ওচৰত মই কাতৰেৰে অনুৰোধ কৰিছো, মোৰ ছোৱালীৰ বাবে প্রার্থনা কৰক, এগচি চাকি জ্বলাওক৷যাতে তাই ভাল হৈ উঠে৷এয়ে মোৰ সকলোৰে ওচৰত প্রার্থনা৷ নাৰ্ছিং হোমত ভেণ্টিলেটৰত মৃত্যুৰ সৈতে যুঁজি থকা নন্দিতাৰ সুস্থ হৈ উঠিবলৈ এইদৰে পিতৃয়ে অসমবাসী জনাইছে আহ্বান । উল্লেখ্য যে ধেমাজিৰ মৰিধল মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰৰ বিয়েৰাৰ হিচাবে কৰ্মৰত ৰিণ্টু শর্মা নামৰ এজন যুৱকে দাৰে ঘপিয়াই মূৰত গুৰুতৰভাৱে আঘাতপ্রাপ্ত কৰিছিল নন্দিতা শইকীয়া নামৰ ছাত্রীগৰাকী। লগে লগে ডিব্রুগড ব্রহ্মপুত্র নার্ছিংহোমৰ চিকিৎস্যালয়লৈ ছাত্ৰী গৰাকীক সংকট অৱস্থাত লৈ যোৱা হয় যদিও
বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে ছাত্রীগৰাকীয়ে৷জানিব পৰা মতে চিকিৎসালয়খনৰ ভেন্টিলেচন কক্ষত যোৱা প্ৰায় ২৪ ঘণ্টা ধৰি নিথৰ হৈ পৰি আছে নন্দিতা। বর্তমানেও অচেতন হৈ আছে নন্দিতা৷প্রচুৰ ৰক্তক্ষৰণৰ বাবে ছাত্রীগৰাকীক দিবলগীয়া হৈছে যথেষ্ট পৰিমাণৰ তেজ৷ ছাত্রীগৰাকীৰ প্রাণৰক্ষা কৰিবলৈ চিকিৎসকে চলাইছে আপ্রাণ চেষ্টা৷ ইফালে নন্দিতাৰ মগজুৰ জটিল অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তা আহি পৰিছে যদিও স্বাস্থ্য অস্থিৰতাৰ বাবে সেয়া সম্ভৱ হোৱা নাই। নন্দিতাৰ মগজুৰ ৮৯ শতাংশ সক্ৰিয়তা নোহোৱা হোৱা বুলি জানিব পৰা গৈছে৷ অন্যহাতে নন্দিতা শইকীয়াৰ লগত অহা সহপাঠী কাশ্মীৰা দত্ত আৰু কাশ্মীৰাৰ দেউতাক দেৱ দত্তই এই আক্ৰমণত বাধা দিয়াৰ বাবে তেওঁলোককো ঘপিয়াই গুৰুতৰ ভাবে জখম কৰিছিল ৰিণ্টু শর্মাই। সংকট অৱস্থাত থকা নন্দিতাৰ প্ৰাণ ৰক্ষাৰ বাবে পিতৃয়ে সকলো ৰাইজক ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছে ।

You might also like