Your Voice, Our Strength

৩১ আগষ্টৰ পৰা সাংবাদিক-সংবাদকৰ্মীক থিতাতে শিকাৰু অনুজ্ঞা পত্ৰ প্ৰদান কৰিব মহানগৰ জিলা পৰিবহন বিভাগে।

আজিৰ খবৰ,২৬ আগষ্ট : অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞা) কার্যালয়ৰ উদ্যোগত আন এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে। সংবাদ সেৱাৰ ক্ষেত্ৰত একনিষ্ঠভাৱে জড়িত সাংবাদিক আৰু সংবাদকৰ্মীসকলক থিতাতে গাড়ী চালোৱাৰ শিকাৰু অনুজ্ঞা পত্ৰ প্ৰদানৰ আন এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে‌। ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰে ১০০ দিন সফলতাৰে অতিক্ৰম কৰা উপলক্ষে এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে মহানগৰ জিলা পৰিবহন বিষয়া (পঞ্জীয়ণ আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসে। তেওঁ লগতে কয় যে, দেশ তথা ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়ণত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ ভুমিকা অতুলনীয় আৰু উল্লেখযোগ্য। বিভিন্ন জটিল পৰিস্থিতিতো সাংবাদিকসকলে অতন্দ্ৰ প্ৰহৰীদৰে সমাজ জীৱনলৈ অন্যবাদ্য সেৱা আগবঢ়াই আহিছে। গাড়ী চালনা আৰু পথ সুৰক্ষাৰ বিভিন্ন নীতি-নিৰ্দেশনা সমূহ সমাজৰ সৰ্বস্তৰৰ মাজলৈ আগবঢ়াই নি জনসাধাৰণক সদাসচেতন আৰু সজাগ কৰি ৰখাতো সাংবাদিকসকলে উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। সেয়েহে সমাজৰ প্ৰতি উৎসৰ্গিত এইসকল লোকৰ দৈনন্দিন যাতায়ত আৰু যোগাযোগত সুবিধা হোৱাকৈ গাড়ীচালনাৰ একোখনকৈ শিকাৰু অনুজ্ঞাপত্ৰ দিব বিছাৰিছো আৰু তেওঁলোকে আগবাঢ়ি আহি এই সেৱা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাসে। উল্লেখ্য যে, অনুজ্ঞাপত্ৰ বাবে আবেদনকাৰীসকলে প্ৰথমে বাহন নিৰ্মাতা কোম্পানী হোণ্ডা চেফটি ড্ৰাইভিং এডুকেচন চেণ্টাৰৰ সহযোগত পথ সুৰক্ষা আৰু যান-বাহন চলোৱাৰ বিধি সন্দৰ্ভত প্ৰাথমিক জ্ঞান প্ৰদানৰ এক কাৰ্যসূচী অনুষ্ঠিত হ’ব। সেই অনুসৰি ৩১ আগষ্টৰ পৰা মহানগৰীৰ বেতকুছিস্থিত জিলা পৰিবহন বিষয়া কাৰ্যালয়ত এমাহৰ বাবে প্ৰতিদিনে ১০ গৰাকী আবেদনকাৰীক যান-বাহনৰ যাৱতীয় জ্ঞান প্ৰদান কৰি থিতাতে অনুজ্ঞাপত্ৰ প্ৰদান কৰিব। ইচ্ছুক আবেদনকাৰী সকলে অনুজ্ঞাপত্ৰৰ বাবে নিজৰ নাম, ঠিকনা, বয়সৰ প্ৰমাণ পত্ৰসহ “Parivahan Sewa” portal অথবা http//sarathi.parivahan.gov.in/sarathi service ত অনলাইন যোগে আবেদন কৰিব লাগিব। তদুপৰি অনলাইন আবেদনৰ পিছত আবেদনকাৰীসকলে জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ ৪৯ নম্বৰ কাউণ্টাৰত বয়স আৰু ঠিকনাৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়ে এইবেলি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ১৮ বছৰ উৰ্ধৰ শিক্ষাৰ্থীক আৰু চিকিৎসককে ধৰি স্বাস্থ্যসেৱাৰ লগত জড়িত লোকসকলক দৈনিক শিকাৰু চালকৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰি থকা হৈছে।

You might also like