Your Voice, Our Strength

১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হব শিক্ষানুষ্ঠানসমূহৰ পাঠদান।

কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল আজি কেবিনেট বৈঠকত...

আজিৰ খবৰ, গুৱাহাটী, ২৬ আগষ্ট : ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হয় । বৈঠকৰ অন্তত  মন্ত্ৰী কেশৱ মহন্ত, ৰঞ্জিৎ দাস, ৰণোজ পেগুৱে সম্বোধন কৰে সংবাদমেল। কেবিনেট বৈঠকত ৰাজ্যৰ শিক্ষিত নিবনুৱাৰ বাবেও আছে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ ।

কি সিদ্ধান্ত ললে আজিৰ কেবিনেটে ….

P&C

● ফাষ্টট্ৰেক আদালতত হ’ব নন্দিতা শইকীয়া হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া।

 

▶১ ছেপ্তেম্বৰৰ পৰা খুলিব শিক্ষানুষ্ঠান; ৩০ আগষ্টৰ ভিতৰত প্ৰকাশ পাব শিক্ষা বিভাগৰ বিশেষ নতুন এছ অ’ পি।

▶শিক্ষানুষ্ঠানত হ’ব ভেকচিনৰ বিশেষ শিবিৰ।

▶ শিক্ষাখণ্ডৰে জড়িত সকলো শিক্ষক-কৰ্মচাৰী, ১৮ বছৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভেকচিন প্ৰদান শিবিৰ কাইলৈৰ পৰা ৫ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ’ব।

▶১ ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হ’ব।

▶হোষ্টেলসমূহো খোলাৰ ব্যৱস্থা কৰিব, কিন্তু আৱাসী-নিৱাসীসকলৰ ডাৱল ভেকচিন বাধ্যতামূলক।

▶৩০ বা ৩১ আগষ্টত শিক্ষা বিভাগে ঘোষণা কৰিব বিশেষ এছ অ’ পি।

▶জ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ নতুন নামাকৰণ।

▶এতিয়াৰ পৰা বিভাগটোৰ নাম হ’ব বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগ।

▶লোক নিৰ্মাণ বিভাগৰ কামৰ দায়িত্ব বাঢ়ি অহাৰ বাবে চৰকাৰে কিছু সিদ্ধান্ত লৈছে।

▶ অতিৰিক্ত ভাবে নতুনকৈ ২০টা ডিভিজন সৃষ্টি কৰা হ’ব।

▶পূৰ্বতে লোক নিৰ্মাণ বিভাগত আছিল মাত্ৰ ৫ট চাৰ্কোল।আৰু আঠটা নতুন চাৰ্কোল সৃষ্টি কৰা হৈছে।

▶চাব ডিভিজনো সেইদৰে চাব ডিভিজন নতুনকৈ ২৮টা সৃষ্টি কৰা হৈছে।ইয়াৰ বাবে নতুন পদ সৃষ্টি হ’ব।বৰ্ধিত বিভাগসমূহৰ বাবে ৮০৪টা কাৰিকৰী নতুন পদ সৃষ্টি।

▶মাজুলী, বজালী, দক্ষিণ শালমৰাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৩টা নতুন সংমণ্ডল খোলাৰ সিদ্ধান্ত গ্ৰহণ।

▶অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ৩ ছেপ্তেম্বৰৰ জন্মদিনটো ক্ৰীড়া দিৱস হিচাপে পালন কৰিব, ক্ৰীড়া পেঞ্চন ৮ হাজাৰৰ পৰা ১০ হাজাৰলৈ বৃদ্ধি।

▶ৰাষ্ট্ৰীয় খেল, এচিয়ান গেমচ, কমনৱেল্থ গেমচ, অলিম্পিয়ানসকললৈ প্ৰতিমাহে ১০ হাজাৰকৈ জীৱনজোৰা পেঞ্চন।

▶জিলা উপায়ুক্তসকলক জিলাৰ ভিতৰতে নিৰ্দিষ্ট বিভাগীয় মুৰব্বীৰে কথা পাতি বদলি কৰাৰ কৰ্তৃত্ব প্ৰদান।তৃতীয় শ্ৰেণী পৰ্যায়ৰ হ’ব এই ৰদ-বদল।

You might also like