Your Voice, Our Strength

পৰিবহন মন্ত্ৰীক বাছ মালিক সন্থাৰ প্ৰত্যহ্বান: বৃদ্ধি কৰিব ৫০ শতাংশ বাছ ভাড়া, অন্যথা বাছ নচলোৱাৰ সিদ্ধান্ত।

আজিৰ খবৰ, গুৱাহাটী, ২৭ আগষ্ট : পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক প্ৰত্যাহ্বান জনালে উজনি অসম বাছ মালিক সন্থাই । ৫০ শতাংশ বাছৰ ভাৰা বৃদ্ধি কৰিহে ৰাজপথত চলাব বাছ।অন্যথা বাছ নচলোৱাৰ সিদ্ধান্ত লৈছে বাছ মালিক সন্থাই। উজনি অসম বাছ মালিক সন্থাই এক সংবাদ মেলত এই কথা সদৰি কৰিছে । সন্থাই প্ৰত্যাহ্বান জনাই ৫০ শতাংশ ভাড়া বৃদ্ধি কৰি বাছ চলাব । সন্থাই কয় ক’ভিডসৃষ্ট পৰিবেশত দুবছৰ ধৰি বাছৰ মালিকসকল লোকচানত চলি আছে। চৰকাৰে ভাৰা বৃদ্ধিৰ ক্ষেত্ৰত বাছ মালিক সকলৰ লগত আলোচনা কৰি বিষয়টো মীমাংসা কৰাত কোনো গুৰুত্ব দিয়া নাই। ইফালে ডিজেলৰ দাম বৃদ্ধি পাইছে ৩৫ শতাংশ, অন্যন্য সামগ্ৰীৰ লগতে বাছৰ বিভিন্ন যন্ত্ৰপাতিৰ দাম ১০০ শতাংশ বৃদ্ধি পোৱাৰ লগতে চৰকাৰেও বৃদ্ধি কৰিছে কৰ। চৰকাৰে স্পেচিয়েল পাৰ্মিটৰ নামত ৪০০ শতাংশ মাচুল বৃদ্ধি কৰিছে। যাৰ বাবে সন্থাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সাংবাদিকৰ আগত সদৰি কৰে ।

You might also like