Your Voice, Our Strength

দীপৰ বিল সংযোগী পামহী কেনেলৰ পাৰত পেলাব নোৱাৰিব আৱৰ্জনা।

গুৱাহাটী নাগৰিক সচেতন মঞ্চৰ সৈতে জি এম চিৰ বৈঠক,মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ।

আজিৰ খবৰ, গুৱাহাটী, ২৭ আগষ্ট : পশ্চিম বৰগাঁওৰ বেলৰতলত দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত বিগত ১০ আগষ্টৰ পৰা গুৱাহাটী পৌৰ নিগমে ( জি এম চি ) ৰাষ্ট্রীয় সেউজ ন্যায়ধিকৰণৰ ( এন জি টি ) নিৰ্দেশ উলংঘা কৰি দৈনিক প্ৰায় ৫০০ মেট্ৰিক টন গেলা পঁচা দূষিত আৱৰ্জনা পেলাই দীপৰ বিলৰ পানী প্ৰদূষিত কৰাকে ধৰি বৃহত্তৰ অঞ্চলটোৰ ১৬ খনতকৈ অধিক গাঁওৰ পৰিবেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি অহা বিষয়টোক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে । আনকি ইয়াক লৈ বিগত কেইদিনত দীপৰ বিলৰ দুয়োপাৰে ক্ৰমে পশ্চিম বৰগাঁও আৰু পামহীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ লগতে সভা অনুষ্ঠিত হৈছে । আনকি স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো ডাম্পিং গ্ৰাউণ্ড থলী পৰিদৰ্শন কৰি প্ৰতিবাদী ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে এন জি টিৰ নিৰ্দেশ উলংঘা কৰি কোনো কাৰণতে ৰাইজ আৰু দীপৰ বিলৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিবলৈ দিয়া নহব বুলি সতৰ্ক কৰি দিছে । দৰকাৰ হলে জি এম চিয়ে ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে ১৬ খন ভুক্তভোগী গাঁওৰ ৰাইজক লৈ গঠন কৰা পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চৰ সৈতে বিষয়টো সমাধান সূত্ৰ উলিয়াব লাগে বুলি আহ্বান জনাইছে । অৱশেষত বিধায়কৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় জি এম চিয়ে মঞ্চক ২৬ আগষ্টত ডাম্পিং গ্ৰাউণ্ড সম্বন্ধে আলোচনাৰ বাবে নিমন্ত্ৰণ জনায় । মঞ্চৰ সভাপতি তৰুণ বৰগোঁহাই , কার্যকৰী সভাপতি সুশীল টেৰণ , সম্পাদক তৰুণ চন্দ্ৰ তালুকদাৰ , সাংগঠনিক সম্পাদক প্ৰমোদ কলিতাৰ নেতৃত্বত যোৱা আঠজনীয়া এটি সঁজাতি দলে জি এম চিৰ পানবজাৰস্থিত মুখ্য কাৰ্যালয়ত আয়ুক্ত দেৱাশীষ শৰ্মাৰ সৈতে এক বৈঠকত মিলিত হয় । বৈঠকত অতিৰিক্ত আয়ুক্ত পুলক মহন্ত কে ধৰি কেবাজনো বিষয়া – অভিযন্তা উপস্থাপন থাকে । আনহাতে বৈঠকত জি এম চিৰ আয়ুক্ত দেৱাশীষ শৰ্মাই মঞ্চৰ সঁজাতি দলটোক ডাম্পিং গ্ৰাউণ্ডত আৱৰ্জনা পেলোৱা বিষয়টো সমাধানৰ বাবে এক মাহৰ সময়সীমা বিচাৰে আৰু আগন্তুক দিনত বৈজ্ঞানিক পদ্ধতিৰে ডাম্পিং গ্ৰাউণ্ডত আৱৰ্জনা নিষ্কাশন কৰা হব বুলি বুলি সদৰি কৰে । কিন্ত ইয়াৰ বিপৰীতে মঞ্চৰ সজাতি দলটোৱে কোনো কাৰণতে পশ্চিম বৰাগাঁওৰ বেলৰতলত এন জি টিৰ নীতি নিৰ্দেশনা উলংঘা কৰি ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিবলৈ দিয়া নহব বুলি জি এম চি কৰ্তৃপক্ষক অৱগত কৰাত আলোচনা আধৰুৱা হৈ ৰয় । অৱশ্যে আগন্তক দিনত দুয়ো পক্ষই সহমতৰে বিষয়টো সমাধানৰ বাবে চেষ্টা চলাব বুলি মত ব্যক্ত কৰে । ইফালে দীপৰ বিলৰ সমীপত পুনৰ ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে আৰু এই সিদ্ধান্ত বাতিল কৰাৰ দাবীত মঞ্চই ২৬ আগষ্টত এখন পত্ৰ প্ৰেৰণ কৰে । পত্ৰখনত ডাম্পিং গ্ৰাউণ্ডটোৱে কৰিব পৰা ক্ষয় ক্ষতি আৰু এইক্ষেত্ৰত এন জি টিয়ে দীপৰ বিলৰ পৰিবেশ সংৰক্ষণৰ বাবে দিয়া নিৰ্দেশনাৰ বিষয়ে উল্লেখ কৰি তেওঁৰ হস্তক্ষেপ কামনা কৰা হৈছে । আনহাতে উৎপল কুমাৰ দাস , বলেশ্বৰ ৰংপীকে ধৰি মঞ্চৰ কেবাজনো কৰ্মকর্তাই সদৰি কৰা অনুসৰি ডাম্পিং গ্ৰাউণ্ডত পেলোৱা আৱৰ্জনাৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধই ইতিমধ্যে বৃহত্তৰ অঞ্চলটোৰ আকাশ বতাহ চানি ধৰিছে । আনকি বিগত কেইদিনত মাজে সময়ে হৈ থকা বৰষুণৰ বাবে বিয়লিৰ পাছত বিশেষকৈ বতাহ বলিলে দেউছটাল , পামহী , মইনাখোৰোং , আদি অঞ্চলৰ লোক নাকত ৰুমাল লৈহে ওলাব লগীয়া হৈছে ।

P&C
You might also like