Your Voice, Our Strength

গুৱাহাটীত অব্যাহত আছে ভাং – ড্ৰাগছৰ সৰবৰাহ: ভঙাগড়ত ভাংসহ এজনক আটক।

আজিৰ খবৰ, গুৱাহাটী, ২৭ আগষ্ট : আৱকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাস আৰু উপ আৱকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নেতৃত্ব , নিৰ্দেশ আৰু তত্বাৱধানত জিলাখনৰ সকলো আৱকাৰী চক্ৰ কার্যালয়ে বিগত সময়চোৱাত দেশী বিদেশী অবৈধ সুৰা , চুলাই মদৰ সমান্তৰালভাৱে ভাঙকে ধৰি নিষিদ্ধ , নিচাযুক্ত সামগ্ৰী সামগ্ৰীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে । আজি সন্ধিয়া এক গোপন সূত্ৰৰ পম খেদি গুৱাহাটী সদৰ আৱকাৰী চক্ৰৰ পৰিদৰ্শক গোবৰ্ধন ডেকাৰ নেতৃত্বত এটা দলে ভঙাগড় থানাৰ অধীনৰ মিলিজুলি পথত আব্দুল কাদিৰ নামৰ লোকজনৰ ঘৰত তালাচী চলাই ৯০০ গ্ৰামৰো অধিক ভাং জব্দ কৰে । এই সন্দৰ্ভত আব্দুল কাদিৰক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৱকাৰী দলে আৰু কাইলৈ তেওঁক আদালতত হাজিৰ কৰোৱা হব । অভিযোগ মতে ধৃত আব্দুল কাদিৰে বহু দিনৰে পৰা গোপনে ভাঙৰ অবৈধ বেহা চলাই আহিছিল ।

P&C
You might also like