Your Voice, Our Strength

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। পুৱাৰে পৰাই হৰিনামৰ ধ্বনিৰে মুখৰিত ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ।

আজি ৰাজ্যৰ নামঘৰে নামঘৰে ধ্বনিত হৈছে হৰি নামৰ ধ্বনি।

আজিৰ খবৰ, ২৭ আগষ্ট : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম শিষ্য তথা নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আজি তিৰোভাৱ তিথি। ১৪৮৯ চনত  লক্ষীমপুৰৰ নাৰায়ণপুৰত  জন্ম হোৱা মহাপুৰুষজনাই শ্ৰীমন্ত শংকৰদেৱৰ সান্নিধ্যত এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভড়াললৈ মেটমৰা অৱদান আগবঢ়াই ১৫৯৬ চনত ইহলীলা সম্বৰণ কৰে। বাৰকুৰি বৰগীতৰ স্ৰষ্টা (বৰ্তমান ১৫৭টা উপলব্ধ) আজি গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে পুৱাৰে পৰাই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ, নামঘৰসমুহ।ইয়াৰ ব্যতিক্ৰম নহয় শ্ৰী শ্ৰী মাধৱদেৱ স্হাপিত ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰো। সকলোৱে গুণানুকীৰ্তন কৰিছে আজি মাধৱদেৱৰ সৃষ্টিৰাজিৰ। নানঘৰে নামঘৰ ধ্বনিত হৈছে হাজাৰী ঘোষা।
যোৰহাট জিলাৰ ঢেকীয়াখোৱাত মাধৱ দেবে কেনেকৈ প্ৰতিষ্ঠা কৰিছিল ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰ ? প্ৰবাদ অনুসৰি আহোম ৰজা চুহুংমুঙৰ ৰাজবন্দীত্বৰ পৰা মুক্ত হোৱাৰ পাছত নিজ গুৰু ঈশ্বৰ পুৰুষ শংকৰৰ দৰ্শন কৰাৰ মানসেৰে পদব্ৰজে ৰাওনা হৈছিল। পদব্ৰজে আগবাঢ়ি সন্ধ্যাৰ আগে আগে বৰ্তমানৰ টীয়ক পাৰহৈ ঢেকীয়াখোৱা গাঁৱৰ মাজভাগ পাইছিল আৰু ৰাতিটো কটাবৰ বাবে এহাল বুঢ়া-বুঢ়ী ঘৰত আশ্ৰয় লৈছিল। ঘৰখনত কেৱল বুঢ়া আৰু বুঢ়ীহে আছিল । বুঢ়া বুঢ়ী দৰিদ্ৰ যদিও শুদ্ধ,সত্ব-নিষ্ঠ আৰু ভক্তিপৰায়ন আছিল। প্ৰবাদ আছে যে সেইদিনা বুঢ়া-বুঢ়ীৰ ঘৰত অতিথিৰ জোখাৰে চাউল কঠাৰ বাহিৰে শাক-পাচলিও নাছিল।বুঢ়া-বুঢ়ীয়ে পৰামৰ্শ কৰি বাৰীৰ পৰা কেইডাল মান ঢেকীয়া আৰু এটা ঔটেঙাকে যোগাৰ কৰি আনি ৰান্ধনী শালত দিছিল। দম্পতী হালৰ বাবে খাবলৈ একো নথকাৰ উমান পাই মাধৱে দেৱে নিজৰ ভাগৰে খাবলৈ মাতিছিল কিন্তু দ্ৰব্য কমিব বুলি ভাৱি বুঢ়া-বুঢ়ী মান্তি হোৱা নাছিল যদিও মাধৱৰ অনুৰোধ পেলাব নোৱাৰি দুয়ো খাবলৈ বঢ়িছিল। খাবলৈ বঢ়ি দম্পতী আচৰিত হৈছিল কাৰণ এজনৰ জোখাৰে হোৱা চাউলেৰে আটাইকেইজনৰ জোখাৰে অন্নসিদ্ধ হৈছিল আৰু তেতিয়াই তেওঁলোকে ঈশ্বৰৰ মহিমাৰ প্ৰমাণ পাইছিল।মাধৱে যি ডোখৰ ঠাইত ৰন্ধন কাৰ্য্য সমাপন কৰিছিল সেইঠাইত বৰগছৰ তলত খুটি মাৰি এগছি বন্তি প্ৰজ্বলন কৰি নামঘৰ স্হাপন কৰে আৰু সেই বন্তি গছি অনন্ত কাললৈ তেল-শলিতা দি প্ৰজ্বলিত কৰি ৰাখিবৰ বাবে মত প্ৰকাশ কৰিছিল। পাছদিনা সমবেত হোৱা ৰাইজক বন্তি গছি ৰক্ষা কৰাৰ সম্পৰ্কে চমুকৈ ধৰ্মতত্ত্বৰে বুজনি দিছিল আৰু সকলোৱে মাধৱদেৱৰ ঐশ্চৰিক পৰিচয় পাই সেৱা জনাইছিল। মাধৱৰ বাক্য ৰক্ষা কৰি দুয়ো বৃদ্ধ দম্পতীয়ে তেওঁলোকৰ জীৱন কালত প্ৰতিদিনে তেল-শলিতা জ্বলাই গুৰুজনাই দি থৈ যোৱা আধ্যাত্মিক শক্তি জাগৃত কৰি ৰাখিছিল আৰু তেওঁলোকৰ প্ৰয়ানৰ পাছত স্হানীয় ৰাইজে সেই ঠাইত বন্তি গছি নিৰ্বাপিত নোহোৱাকৈ ৰক্ষা আছিল। ইয়াৰ পাছতেই ধৰ্মপ্ৰাণ ৰাইজ সকলে তাতে নাম প্ৰসংগ, ভাগৱত পাঠ আদি চৰ্চা কৰি গুৰুজনাৰ স্মৃতি ৰক্ষা কৰি আহিছে। তেতিয়াৰ পৰাই আজিলৈকে গুৰুজনাৰ অমৃত বাণী আৰু ধ্বনিৰে ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত তিৰোভাৱ তিথিৰ লগতে সম্পূৰ্ণ ভাদ মাহটো গুৰুজনাৰ নামৰ ধ্বনিৰে মুখৰিত হৈ আহিছে ।

You might also like