Your Voice, Our Strength

কামাখ্যা নাৰ্ছাৰীত নিশা উত্তপ্ত পৰিস্থিতি: ক’ভিড ভেকচিন লৈ অহা যুৱকক মাৰধৰ।

আৰক্ষীৰ থানাত এজাহাৰ দাখিল।

আজিৰ খবৰ, গুৱাহাটী, ২৮ আগষ্ট : গুৱাহাটী মহানগৰীৰ কামাখ্যা নাৰ্ছাৰীত যোৱা নিশা জালুকবাৰী থানাৰ যান বাহন শাখাৰ আৰক্ষীয়ে ক’ভিড ভেকচিনৰ দ্বিতীয় পালি লৈ অহা কাজল কুমাৰ চৌধুৰী (২৯) নামৰ এজন নিৰীহ যুৱকক মাৰপিট কৰি আহত কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।। অৱশ্যে জালুকবাৰী থানাৰ এটা আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । আৰক্ষী উপস্থিত হোৱাৰ সময়তে কাজল কুমাৰ চৌধুৰীক মাৰপিট কৰা যান বাহন আৰক্ষীৰ লোক তিনিজন কৌশলৰে আতৰি যায় । এই সন্দৰ্ভত নিশাই আহত কাজল কুমাৰ চৌধুৰীয়ে জালুকবাৰী থানাত তেওঁক মাৰপিট কৰা আৰক্ষীৰ লোক তিনিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । প্ৰাপ্ত তথ্য মতে নামনি কামাখ্যাৰ বাসিন্দা গৌতম কুমাৰ চৌধুৰীৰ পুত্ৰ কাজল কুমাৰ চৌধুৰীয়ে কালি ঘৰৰ পৰা কিছু নিলগৰ পাণ্ডুৰ সৰ্বদোয় বিদ্যালয়ত কালি বিয়লি ক’ভিড ভেকচিনৰ দ্বিতীয় পালি লৈছিল । সেই সূত্ৰে কিছু দুৰ্বল অনুভৱ কৰাত আদাবাৰীত কিছু জিৰণি লৈ নিশা ৬.৪৫ মান বজাত ঘৰলৈ যায় । কিন্তু ঘৰ পাবলৈ কিছু দূৰ বাকী থকা অৱস্থাত পেটতো অলপ বেয়া লগাত কামাখ্যা নাৰ্ছাৰীত মটৰ চাইকেলখন পথৰ দাঁতিত ৰখায় । কিন্তু সেই সময়ত তাত উপস্থিত যান বাহন শাখাৰ লোক তিনিজনে কিয় তাত মটৰ চাইকেল ৰখাইছা বুলি প্ৰশ্ন কৰে । তেতিয়া কাজলে ক’ভিডৰ টীকা লৈ অহা বাবে পেটতো অলপ বেয়া লগা বুলি কয় যদিও আৰক্ষীৰ লোক তিনিজনে কাজলৰ কোনো কথা নুশুনি উধাই মুধাই ঘুছিয়াই আৰু বেয়াকৈ মাৰপিট কৰি আহত কৰে বুলি অভিযোগ কৰে কাজল শইকীয়াই ।

P&C

কাজলে চিঞৰ বাখৰ কৰাত ঘটনাস্থলীত বহুলোক গোট খাই আৰু কোনোৱে জালুকবাৰী থানাত খবৰ দিয়ে । আনহাতে নিশাই পৰিয়ালৰ লোকে কাজলক বৰিপৰাস্থিত পাণ্ডু এফ আৰ ইউত চিকিৎসাধীন কৰায় । আনকি মূৰ আৰু বুকুত আঘাট পোৱা কাজলক নিশা মালিগাঁওৰ স্বাগত হস্পিতালত পুনৰ উন্নত চিকিৎসা প্ৰদান কৰাৰ লগতে চি টি স্কেন কৰোৱা হয় । সম্প্ৰতি চিকিৎসকৰ তত্বাৱধানত কাজলক ঘৰতে চিকিৎসা কৰি থকা হৈছে আৰু ভুক্তভোগী কাজলকে ধৰি নামনি কামাখ্যা আৰু নাৰ্ছাৰীৰ লোক সকলে মহানগৰ আৰক্ষীৰ ঊৰ্ধতম কৰ্তৃপক্ষক আক্ৰমণকাৰী আৰক্ষীৰ লোক কেইজনক চিনাক্ত কৰি শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ।

You might also like