Your Voice, Our Strength

গুৱাহাটীৰ ৰেভ পাৰ্টিত কোকেইন যোগান ধৰা মূল অভিযুক্তক গ্ৰেপ্তাৰ।

আজিৰ খবৰ, গুৱাহাটী, ২৮ আগষ্ট : মহানগৰ আৰক্ষী, লতাশিল থানা আৰু ক্ৰাইম ব্ৰান্সে অভিযান চলাই পুনৰ আজি ৰেভ পাৰ্টিত কোকেইন যোগান ধৰা মূল অভিযুক্ত এজনক গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে ১৫ আগষ্টৰ আগনিশা গুৱাহাটীৰ খাৰঘূলীৰ এটা এপাৰ্টমেণ্টৰ পৰা বৃহৎ পৰিমাণৰ কোকেইনৰ সৈতে আৰক্ষীয়ে আটক কৰিছিল ১৮ গৰাকী যুৱক-যুৱতীক। অনুৰূপ ঘটনাই আজি পুনৰ গুৱাহাটীত সংঘটিত হ’ল ।গুৱাহাটীত ৰেভ পাৰ্টীৰ আয়োজন কৰি ড্ৰাগছৰ পোহাৰ মেলিছিল বিশাল চৌধুৰী নামৰ এজন ব্যক্তিয়ে ।আৰক্ষীয়ে অনুসন্ধান চলাই বিশালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।গুৱাহাটীৰ খাৰঘূলিত ৰেভ পাৰ্টিত কোকেইন যোগান ধৰিছিল বিশাল চৌধুৰীয়ে । আৰক্ষীয়ে জনোৱা মতে দিল্লীৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল কোকেইনখিনি। বিশাল চৌধুৰীয়ে দিল্লীৰ পৰা গুৱাহাটীলৈ যোগান ধৰিছিল কোকেইন-হেৰ’ইনকে আদি কৰি নিচাযুক্ত দ্ৰব্যখিনি । আৰক্ষীৰ অনুসন্ধাত অৱশেষত জালত পৰিল কোকেইন যোগান ধৰা মূল অভিযুক্ত বিশাল চৌধুৰী ।

You might also like