
মাদ্ৰাজৰ দৰে অসমতো স্থাপন কৰা হ’ব মেৰীটাইম বিশ্ববিদ্যালয়।
উত্তৰ-পূবৰ যুৱক-যুৱতীলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সু-খবৰ।
আজিৰ খবৰ, গুৱাহাটী, ২৮ আগষ্ট : উত্তৰ-পূবৰ যুৱক-যুৱতীলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সু-খবৰ ।যুৱক-যুৱতীৰ যোগ্যতা বিকাশৰ বাবে মাদ্ৰাজৰ দৰে অসমতো স্থাপন কৰা হ’ব মেৰীটাইম বিশ্ববিদ্যালয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সৰ্বানন্দ সোণোৱালে কৰে এই ঘোষণা । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, উত্তৰ পূব দেশৰ অষ্টলক্ষ্মী।মোদীয়ে মনে প্ৰাণে বিচাৰে উত্তৰ পূব দেশৰ বিকাশৰ ইঞ্জিন হওঁক।”সেয়েহে যিসকল যুৱশক্তি আছে সেইসকলক বিভিন্ন যোগ্যতা দিয়া হ’ব, যাৰ জৰিয়তে বিশ্বত পৰিচয় দাঙি ধৰিব পাৰিব। জলপৰিবহন খণ্ডত বিভিন্ন যোগ্যতা দিবৰ বাবে আগন্তুক দিনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাম কৰিব। সোনোৱালে কয়, এনেকুৱা এখন প্ৰতিষ্ঠান নিৰ্মাণ কৰা হ’ব যাৰ জৰিয়তে উত্তৰ-পূবৰ যুৱক যুৱতীৰ লাভ হয় আৰু বিভিন্ন ক্ষেত্ৰত সুবিধা লাভ কৰিব পাৰে। যিদৰে মাদ্ৰাজত মেৰীটাইম বিশ্ববিদ্যালয় আছে আৰু তাত ভিন্ন ভিন্ন প্ৰযুক্তি বিদ্যাৰ লগতে বিভিন্ন যোগ্যতাও দিয়া হয় ঠিক সেইদৰে উত্তৰ-পূবৰ যুৱক-যুৱতী তথা বিদ্যাৰ্থীৰ বাবে এনেকুৱা এখন প্ৰতিষ্ঠান অসমত নিৰ্মাণ কৰিবৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে।
