Your Voice, Our Strength

কিয় শিৱ দৌলৰ সন্মুখত আঁঠু কাঢ়িব শৃংখল চলিহাই?

ফাট মেলিছে বীৰ লাচিত সেনাৰ ভিতৰচৰাত।

আজিৰ খবৰ,২৮ আগষ্ট : শৃংখল চলিহা আৰু ৰণ্টুপাণি ফুকনৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পিছত এতিয়া এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহাই। শনিবাৰে সংবাদমেল সম্বোধন কৰি শৃংখল চলিহাই কয় যে, “চিতু বৰুৱাই উত্থাপন কৰা অভিযোগ ভিত্তিহীন।ডাম্পাৰ বাদেই,ৰিক্সা কেলেংকাৰীয়ো নাই মোৰ নামত।ডেৰকোটি টকাৰ এটকাও যদি খোৱাৰ প্ৰমাণ দিব পাৰে শিৱ দৌলৰ সন্মুখত আঁঠু কাঢ়িম।” উল্লেখ্য যে, শুকুৰবাৰে সংগঠনটোৰ সদ্য পদত্যাগী নেতা চিতু বৰুৱাই সংবাদমেল সম্বোধন কৰি গুৰুতৰ অভিযোগ উত্থাপিত কৰিছিল শৃংখল চলিহাৰ বিৰুদ্ধে । চিতু বৰুৱাই অভিযোগ কৰিছিল যে,”নিজ স্বাৰ্থ সিদ্ধিৰ বাবে ৰণ্টুপাণি ফুকন আৰু শৃংখল চলিহা বিজেপি-আৰ এছ এছৰ শৰণাপন্ন হৈছে।ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাক প্ৰতাৰণা কৰি ফ’ৰলেনত ব্যৱহাৰৰ বাবে ডাম্পাৰ প্ৰদানৰ নামত সংগঠনটোৰ কেন্দ্ৰীয় সচিব ৰণ্টুপাণি ফুকনে প্ৰায় ডেৰকোটি টকা আত্মসাৎ কৰিছে।” লাচিত সেনা কাৰো পৈত্তিক সম্পত্তি নহয় বুলিও সংবাদমেলত চিতু বৰুৱাই সকীয়াই দিছিল। কালিৰ দিনটোতে চিতু বৰুৱাৰ লগতে বীৰ লাচিত সেনাৰ কেইবাখনো সমিতিৰ দুই শতাধিক সদস্যই সংগঠনটোৰ পৰা পদত্যাগ কৰিছিল। এজনে আনজনৰ দোষ খুচৰি এতিয়া লাহে লাহে বীৰ লাচিত সেনাৰ ভিতৰচঁৰাত ফাট মেলিবলৈ আৰম্ভ হোৱাৰ উপক্ৰম ঘটাই পৰিলক্ষিত হৈছে ।

P&C
You might also like